অসমভাৰত

হস্তকলাৰে “ইণ্ডিয়া বুক অফ্ ৰেকৰ্ড” গঢ়িবলৈ সক্ষম হৈছে চামগুৰিৰ যুৱ শিল্পীয়ে

এই কৃৰ্তিত্বত উৎফুল্লিত স্থানীয় ৰাইজ

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিলেখ “ইণ্ডিয়া বুক অফ্ ৰেকৰ্ড” গঢ়িবলৈ সক্ষম হৈছে চামগুৰিৰ এজন যুৱ শিল্পীয়ে। চামগুৰি সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ পুৰণিগুদামৰ পানীগাঁও-কলিতাচুকত বাস কৰে যুৱকজনে।

পানীগাঁও কলিতাচুকৰ নিবাসী প্ৰশান্ত ভূঞা আৰু মুন ভূঞাৰ একমাত্ৰ সন্তান অবিনাশ ভূঞাই ক‘ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে হস্তকলা সাধনাৰে তেওঁ তিনি ইঞ্চি উচ্চতাৰ কাগজৰ এখন শৰাই বনাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। লগতে অবিনাশে বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ৷

বৰ্তমান নগাঁও মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়নৰত অবিনাশে পুৰণিগুদাম বিদ্যানিকেতনত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰা হস্তকলাৰ প্ৰতি আগ্ৰহী আছিল। এনে কোনো শিল্প সাধনাৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে ২০১৭বৰ্ষৰ পৰা পুৰণিগুদাম বিদ্যানিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে শ্ৰেণীৰ পাঠদানৰ সময়ত দিয়া চিত্ৰ-কলা শিক্ষাৰ জৰিয়তে অনুপ্ৰাণিত হৈ কিশোৰজনে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱাৰ লগতে ভৱিষ্যতেও এই ক্ষেত্ৰ খনত কৰিব লগীয়া বহু পৰিকল্পনা আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

অবিনাশ  এই কৃৰ্তিত্বত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 9 =

Back to top button