অপৰাধঅসম আৰক্ষী

ঐতিহাসিক শিৱসাগৰত কালিমা সানিলে কোনে?

এজাহাৰৰ ভিত্তিতেই শিৱসাগৰ সদৰ থানাত পুলিন বৰুৱাৰ বিৰুদ্ধে ১৩৬/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪/ ৪৪৭ আৰু POSCO আইনৰ r/w ৮ ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ। গোচৰৰ ভিত্তিতে বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ONGCৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী পুলিন বৰুৱাক।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে শিৱসাগৰ। শিৱসাগৰত এগৰাকী ১৫ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা ONGCৰ প্ৰাক্তন কৰ্মচাৰীৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ ONGCৰ প্ৰাক্তন কৰ্মচাৰী, ৬৫ বছৰীয়া পুলিন বৰুৱাই ১৫ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায় ।২৭ আৰু ২৮ ফেব্ৰুৱাৰীত পুলিন বৰুৱাই এই অপচেষ্টা চলোৱাৰ অভিযোগ কিশোৰী গৰাকীৰ পৰিয়ালৰ।

 

আনকি, এই ঘটনা সম্পৰ্কত কাকো একো কথা নক’বলৈ কিশোৰী গৰাকীৰ পৰিয়ালক ভয়-ভাবুকি দিছিল পুলিন বৰুৱাই।কিন্তু অৱশেষত দৰিদ্ৰ পৰিয়ালটো কাষ চাপিছিল জাগৃত নাৰী সমাজ নামৰ মহিলা সংগঠনটোৰ। মহিলা সংগঠনটোৰ সহযোগতেই শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে। এজাহাৰৰ ভিত্তিতেই শিৱসাগৰ সদৰ থানাত পুলিন বৰুৱাৰ বিৰুদ্ধে ১৩৬/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪/ ৪৪৭ আৰু POSCO আইনৰ r/w ৮ ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ। গোচৰৰ ভিত্তিতে বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ONGCৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী পুলিন বৰুৱাক।

 

ইতিমধ্যে, আৰক্ষীয়ে বুধবাৰে পুলিন বৰুৱাক শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে লম্পট কৰ্মচাৰীজনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button