অৰ্থনৈতিকঅসমভাৰত

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ দাম

এই সপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি হ’ব পেট্ৰ’ল–ডিজেলৰ দাম

পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম।

চৰকাৰী তেল কোম্পানীসমূহে ধাৰাবাহিকভাৱে দ্বিতীয় দিনৰ বাবে বৃদ্ধি কৰিলে দাম। আজিও দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৮০ পইচা আৰু মুম্বাইত ৮৫ পইচা বৃদ্ধি পাই।

আজি প্ৰতিলিটাৰ ডিজেলৰ দাম দিল্লীত ৮০ পইচালৈ বৃদ্ধি হৈ ৮৮.২৭ টকা হৈছে।

এই সপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি হ’ব পেট্ৰ’ল–ডিজেলৰ দাম। সূত্ৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম ১০০ ডলাৰ প্ৰতি বেৰেলতকৈও বেছি হোৱাৰ ফলত কোম্পানীসমূহৰ লোকচনা হৈ আছে। ইয়াৰ ঘাটি পূৰণ কৰাৰ বাবে এই সপ্তাহত ধাৰাবাহিকভাৱে দাম বৃদ্ধি কৰা হ’ব। তেল কোম্পানীসমূহৰ মতে, প্ৰতিলিটাৰ তেলত ১২ টকা বৃদ্ধিৰ পিছতহে তেওঁলোকৰ ঘাটি পূৰণ হ’ব পাৰে।

গুৱাহাটীত আজি পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯৬ টকা ৩৪ পইচা। ডিজেলৰ দাম প্ৰতি লিটাৰত ৮২ টকা ৬৭ পইচা। মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত ৯৫ টকা ৪৪ পইচা আৰু ডিজেলৰ দাম আছিল প্ৰতি লিটাৰত ৮১ টকা ৯৭ পইচা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 2 =

Back to top button