অসমদৈনিক বাতৰিপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ভদীয়া বানৰ কবলত দুই শতাধিক গাওঁ

বিপদসীমাৰ ৪২ ছেন্টিমিটাৰ ওপৰেৰে বৈছে বানৰ পানী

ভদীয়া বানৰ কবলত দুই শতাধিক গাওঁ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই শতাধিক গাওঁ বানৰ কবলত৷ বিপদসীমাৰ ৪২ ছেন্টিমিটাৰ ওপৰেৰে বৈছে বানৰ পানী৷

নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্তই।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প্ৰায় দুই শতাধিক গাওঁ বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ ৪২ ছেণ্টিমিটাৰ ওপৰেৰে বৈ থকাৰ বাবে জিলাখনত প্ৰায় লক্ষাধিক লোক বানৰ কবলত পৰিছে। বানৰ কবলত পৰা এলেকা সমূহৰ একাংশ শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ো বানৰ পানীত জলমগ্ন।

ইফালে বানৰ কবলত পৰা লোক সকলৰ একাংশই নিৰাপদ স্থান বিচাৰি ওখ ঠাই, মথাউৰী, চৰকাৰী প্লেটফৰ্ম আদি স্থানত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে। আন একাংশই কোনোমতে ঘৰৰ বিতৰতে চাং সাজি ঘৰতে আশ্ৰয় লৈ আছে।

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট বৃদ্ধি পোৱাৰ লগে লগে বানৰ মাজতে ঠায়ে ঠায়ে চলি আছে গৰাখহনীয়া। দিশ বিদিশ হেৰুৱাই পেলাইছে খহনীয়াগ্ৰস্থ লোক। বানৰ মাজত ক’ত যাব, কি কৰিব তাৰ ঠিকনা বিচাৰি পোৱা নাই এইসকল খহনীয়াগ্ৰস্থ পৰিয়ালে।

বিশেষকৈ দক্ষিণ শালমাৰাৰ মাটিফাটা, চতলাৰপাৰাত প্ৰতিদিনে ২৫ টাতকৈ অধিক পৰিয়াল খহনীয়াৰ কবলত পৰিছে। কিন্তু উদ্ধাৰৰ বাবে এতিয়ালৈ কোনো চৰকাৰী সুবিধা প্ৰদান কৰা হোৱা নাই এই সকল ভূক্তভূগী পৰিয়ালক।

ইতিমধ্যে মাটিফাটা ঐতিহাসিক বজাৰখন খহনীয়াৰ কবলত পৰাত বজাৰখন স্থানান্তৰ কৰাৰো ব্যৱস্থা গ্ৰহন কৰিছে স্থানীয় ৰাইজে। কিন্তু আশ্ৰয়হীন হৈ পৰা লোকৰ বাবে নাই নিৰাপদ স্থান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + five =

Back to top button