কেৰালাপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগ

কেৰালাত অৰেঞ্জ এলাৰ্ট, প্ৰকৃতিৰ বিধ্বংসী ৰূপত দিশহাৰা সৰ্বসাধাৰণ…

বৰষুণ আৰু বজ্ৰপাতৰ বাবে কেৰালাৰ ৮খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট

কেৰালাত প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ লীলা। প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে কেৰালাত। নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাৰ বহুকেইটা অঞ্চলত বিস্তৰ ক্ষতি সাধন।

বৃহস্পতিবাৰে, নেৰানেপেৰা বৰষুণ আৰু বজ্ৰপাতৰ বাবে কেৰালাৰ ৮খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ পাথানামথিট্টা, কোট্টায়াম, ইডুক্কি, পালাক্কাড, মালাপ্পুৰম, কোজিকোড, ৱায়ানাড আৰু কান্নুৰ এইকেইখন জিলাক অৰেঞ্জ এলাৰ্ট(Orange Alert)ত ৰাখিছে।

উল্লেখ্য যে, অৰেঞ্জ এলাৰ্টে বৰষুণৰ পৰিমাণ ৬ ছেমি.ৰ পৰা ২০ ছেমি. অধিক মাত্ৰাত হোৱাটো সূচায়।

১৫ আৰু ১৬ অক্টোবৰত দক্ষিণ-কেন্দ্ৰীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ পৰিণতিত কেৰালাৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হয়। যাৰ ফলত ৰাজ্যখনৰ প্ৰায় ৪২ জন লোক মৃত্যু মুখত পৰিছে আৰু এতিয়ালৈকে ৬ জন লোক সন্ধানহীন হৈ আছে।

আজি কেৰালাৰ কেইবাটাও ঠাইত বজ্ৰপাত আৰু ধাৰাসাৰ বৃষ্টিপাত হয়। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিকূল বতৰৰ বাবে কেৰালাৰ মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 3 =

Back to top button