অপৰাধঅসম

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি

জু ৰোডৰ পৰা ৩০ লাখ টকা লুট কৰা মহিলাসহ তিনি জনক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
জু ৰোডৰ পৰা ৩০ লাখ টকা লুট কৰা মহিলাসহ তিনি জনক গ্ৰেপ্তাৰ।
ধৃত ডকাইত তিনিটা সুনীল ৰয়, ৰাজকুমাৰ ৰয় আৰু কল্পনা দেৱনাথ বুলি জানিব পৰা গৈছে।
ইয়াৰে কল্পনা দেৱনাথ নামৰ মহিলা গৰাকী ৰাজকুমাৰ দেৱনাথৰ পত্নী।
প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ গাৰোদিয়াৰ চালক হিচাপে কাম কৰিছিল সুনীল ৰয় নামৰ লোক জনে।
শুকুৰবাৰে নিশা ৮:৩০ বজাত সঞ্জীৱ গাৰোদিয়াই নিজৰ বাহানেৰে ব্যৱসায়ীক সামগ্ৰী ক্ৰয় কৰিবলৈ নগদ ৩০ লাখ টকা লৈ ওলাই আহিছিল।
জু ৰোডত গাড়ীখন ৰখাই ব্যৱসায়ী জনে এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যায়। ইয়াৰে সুবিধা লৈ গাড়ী চালক সুনীল ৰয়ে ৩০ লাখ টকাৰ লগতে গাড়ী খন লৈ পলায়ন কৰে।
ঘটনা সন্দৰ্ভত ব্যৱসায়ী জনে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে ।
এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে নুনমাটি আৰু ফটাশীল আমবাৰীত অভিযান চলাই নগদ ধন সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
ধৃত ডকাইত কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে ২৮ লাখ ৯৫ হাজাৰ টকা উদ্ধাৰ কৰিব সক্ষম হয়।
বাকী থকা টকাৰে ডকাইতৰ দলটোৱে মোবাইল ফোন আৰু সুৰা পান কৰাত খৰছ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eleven =

Back to top button