Socialঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰি

সাংবাদিকৰ ধন দাবী

ৰাজ্যত ভুৱা সাংবাদিকৰ দৌৰাত্ম্য

ৰাজ্যত ঠগ প্ৰবঞ্চনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে । তাৰ মাজতে ভুৱা সাংবাদিকৰ দৌৰাত্ম্যই একাংশক জলাকলা দেখুৱাইছে । জুৰীয়াত নিজকে সাংবাদিক বুলি চিনাকি দি ধন দাবী সাংবাদিকৰ । ফেচবুকত পৰ্টেল পেজ খুলি প্ৰৱঞ্চনা ভুৱা সাংবাদিকৰ বাতৰি পৰিৱেশনৰ ভাবুকিৰে ধন সংগ্ৰহ দুষ্ট চক্ৰৰ। প্ৰৱঞ্চকৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল ৰুহুল আমিন নামৰ যুৱকজনৰ । কোনো তথ্য প্ৰমাণ নথকাকৈ নিজাববীয়াকৈ সুদখোৰৰ তালিকা প্ৰস্তুত কৰি ফটো দি ৱাটছআপযোগে ফোন কৰি বিভিন্নজনৰ পৰা দাবী কৰে ধন । ইফালে নিজকে আৰক্ষী বিষয়া বুলিও পৰিচয় দি এজন যুৱকক দাবী কৰিছিল ৫০ হেজাৰ টকা । ধন নিদিলে বাতৰি পৰিৱেশন কৰাৰ লগতে আৰক্ষীৰো দেখুৱায় ভয় । এতিয়া প্ৰশ্ন হয় অসম পুলিচৰ শেষতীয়া স্থিতি কি হয় ? কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button