লাডাখলৈ অসমীয়া যুৱক। অসমৰ পৰা উত্তৰ-পূবৰ পৰ্যটনস্থলীৰ বতৰা লৈ লাডাখলৈ যাত্ৰা কৰিছে অসমীয়া যুৱকে। ব্লেক হক ৰ’ভাৰ্চৰ অসম শাখাৰ চাৰিজনীয়া বাইক ৰাইডাৰ্চ গৈছে লাডাখলৈ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা দলটোৱে আৰম্ভ কৰে এই যাত্ৰা ৷
সম্পূৰ্ণ ২৮ দিনীয়া এই যাত্ৰাত বাইক ৰাইডাৰ্চৰ দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য পৰ্যটন স্থান সমূহৰ বিষয়ে এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব ৷
হিমাচল প্ৰদেশ হৈ লাডাখত প্ৰৱেশ কৰিবলগীয়া দলটোৱে উত্তৰ-পূবৰ পৰ্যটন থলীসমূহৰ প্ৰচাৰ কৰাৰ লগতে উত্তৰ-পূবলৈ আহিবলৈ সকলোকে আহ্বান জনাব বুলি জানিবলৈ দিয়ে ব্লেক হক ৰ’ভাৰ্চৰ বিষয়ববীয়াই ।