leatest updateSocialspace

মহাকাশত ছেলফি ল’লে Aditya-L1এ; ইছৰোলৈ প্ৰেৰণ কৰিলে চন্দ্ৰ আৰু পৃথিৱীৰ ফটো।

দেশৰ প্ৰথমটো সূৰ্য অভিযান Aditya-L1এ মহাকাশৰ পৰা ISROলৈ নিজৰ এখন চেলফি প্ৰেৰণ কৰিছে।

চন্দ্ৰযান তিনিৰ সফলতাৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)এ ২ছেপ্তেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰিলে দেশৰ প্ৰথমটো সূৰ্য অভিযান ‘আদিত্য-L1’। ৩ছেপ্টেম্বৰত আদিত্য-L1এ পৃথিৱীৰ প্ৰথম কক্ষপথৰ আৱৰ্তণ সফলতাৰে সম্পন্ন কৰিছিল।

উল্লেখে যে ৪ ছেপ্টেম্বৰত ADITYA L1এ নিজৰ ছেলফি তুলিছিল। দেশৰ প্ৰথমটো সূৰ্য অভিযান Aditya-L1এ মহাকাশৰ পৰা ISROলৈ নিজৰ এখন চেলফি প্ৰেৰণ কৰিছে। এই ছেলফিত VELC আৰু SUIT নামৰ যন্ত্ৰ দুটা দেখা পোৱা গৈছে। ইয়াৰ লগতে Aditya-L1এ পৃথিৱী আৰু চন্দ্ৰৰ এখন ছবিও প্ৰেৰণ কৰিছে। দুয়োখন ছবিয়ে ISROএ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে। বৰ্তমান এই ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button