
ভাৰতীয় দৰ্শকে ক’ত চাব ফুটবল বিশ্বকাপ ফুটবল? সেই সংশয়ৰ এতিয়া অৱসান ঘটিছে। চাৰিটা নতুন চেনেল মুকলি কৰি বিশ্বকাপ সম্প্ৰচাৰ কৰিব জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজে স্বামী বিবেকানন্দৰ বাণী উদ্ধৃত কৰি ফিফাৰ সৈতে হোৱা চুক্তিৰ কথা ঘোষণা কৰিছে জিয়ে। এতিয়া প্ৰশ্ন হৈছে, বিশ্বকাপ চাবলৈ কিমান টকা ব্যয় কৰিব লাগিব দৰ্শকে?
এইবাৰ সেই পৰিকল্পনাও ৰাজহুৱা কৰিছে জিয়ে। ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। এইবাৰ বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকা, কানাডা আৰু মেক্সিকোত। অধিকাংশ খেল ভাৰতত দেখা যাব গভীৰ নিশা। সেয়ে ভাৰতীয় দৰ্শকে ১২ জুনৰ পৰাহে বিশ্বকাপ চাব পাৰিব। ভাৰতত গভীৰ নিশা মেচ হোৱাৰ কাৰণেই আমাৰ দেশত বিশ্বকাপৰ খেল সম্প্ৰচাৰক লৈ কিছু সংশয় আছিল। কিন্তু Unite8 Sportsৰ নামত জিয়ে চাৰিটা নতুন ক্ৰীড়া চেনেলত বিশ্বকাপ সম্প্ৰচাৰ কৰিব । ইয়াৰ উপৰি ভাৰতীয় দৰ্শকে ডিজিটেল প্লেটফৰ্ম ‘জি 5’-তো বিশ্বকাপ চাব পাৰিব ।
বিশ্বকাপৰ মেচ উপভোগৰ বাবে কিমান টকা খৰচ হ’ব দৰ্শকৰ? টেলিভিছনত ‘ইউনাইট 8, স্প’ৰ্টছ’-ত খেল চাবলৈ কিমান খৰচ হ’ব? সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু ‘জি৫’ এপত বিশ্বকাপৰ বাবে সাবস্ক্ৰিপচন প্লেন আগবঢ়াইছে জিয়ে।
‘জি 5’ এপত তিনি মাহৰ খৰছ ৭৯৯ টকা। এই প্লেনত বিশ্বকাপ, অন্যান্য খেলৰ লগতে জি৫-ৰ সকলো অনুষ্ঠান চাব পাৰিব। এটা একাউণ্ট তিনিটা ডিভাইচত ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে ইয়াত বিজ্ঞাপন থাকিব। ইয়াৰ উপৰি জি 5-ৰ এটা বাৰ্ষিক পৰিকল্পনাও আছে। বাৰ্ষিক ছাবস্ক্ৰীপচনৰ খৰছ ১,৬৯৯ টকা।
প্লে-ষ্ট’ৰত গৈ ‘জি 5’ এপ ইনষ্টল কৰিলে আৰম্ভণিতে বিশ্বকাপৰ ছাবস্ক্ৰিপচন প্লেন দেখা যাব। তাত ক্লিক কৰিলে তিনিধৰণৰ প্লেন দেখা যায়। সেইবোৰৰ ভিতৰত তিনি মাহৰ প্লেনটোও অন্তৰ্ভুক্ত আছে। কিন্তু বহু লোকৰ প্ৰশ্ন, বিশ্বকাপ চলিব প্ৰায় ৪০ দিন। তেন্তে কেৱল বিশ্বকাপৰ বাবে গ্ৰাহকে কিয় তিনি মাহৰ প্লেন ল’ব লাগিব? অথবা কেৱল বিশ্বকাপৰ বাবে কিয় কোনো পৃথক প্লেন অনা নহ’ল? প্ৰকৃততে জিয়ে বিশাল টকাৰ বিনিময়ত ফিফাৰ পৰা সম্প্ৰছাৰ স্বত্ত্ব ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবেই এনে ব্যয়বহুল প্লেন মুকলি কৰিছে।
মেচৰ সময় মাজনিশা হোৱাৰ বাবে বিজ্ঞাপনৰ চাহিদা নাথাকিব আৰু বিজ্ঞাপনৰ পৰা পৰ্যাপ্ত ধনো নাহিব। সেয়ে জিয়ে সম্প্ৰছাৰৰ স্বত্ত্ব ক্ৰয়ত হোৱা ব্যয়ৰ কিছু অংশ গ্ৰাহকৰ পৰাও আহৰণৰ পৰিকল্পনা কৰিছে। আনহাতে, ‘ইউনাইট৮ স্প’ৰ্টছ’-ৰ চাৰিটা চেনেলত ইংৰাজী, হিন্দী, বাংলা আৰু মালয়ালম—এই চাৰিটা ভাষাত বিশ্বকাপ উপভোগ কৰিব পাৰিব দৰ্শকে।