Assamঅসম

এন্ধাৰৰ সুযোগ লৈ ৰাজপথত পেলাই থৈ গ’ল নৱজাতকক…

কান্দোনৰ উৎস বিচাৰি ওলাই যোৱাৰ পিছত পথৰ কাষত পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে এটি সদ্যজাত পুত্ৰ সন্তান । তৎক্ষণাত সমগ্ৰ ঘটনাৰ বিষয়ে ডিমৌ আৰক্ষীক খবৰ দিয়া হয়

ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এন্ধাৰৰ সুযোগ লৈ ৰাজপথত পেলাই থৈ গ’ল নৱজাতক। ডিমৌৰ মধুপুৰত সংঘটিত এই ঘটনা। এই ঘটনাই পুনৰ এবাৰ কপাই গ’ল ৰাজ্য । ডিমৌৰ মধুপুৰ স্থিত সেউজী পথৰ স্থানীয় লোকে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত তেওঁলোকে এটি কেঁচুৱাৰ কান্দোন শুনিবলৈ পায় ।

কান্দোনৰ উৎস বিচাৰি ওলাই যোৱাৰ পিছত পথৰ কাষত পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে এটি সদ্যজাত পুত্ৰ সন্তান । তৎক্ষণাত সমগ্ৰ ঘটনাৰ বিষয়ে ডিমৌ আৰক্ষীক খবৰ দিয়া হয় । খবৰ লাভ কৰিয়েই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নৱজাতকটিক ।

জানিব পৰা মতে, বীৰেণ গগৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালৰ ৱালৰ কাষত কোনো অজ্ঞাত ব্যক্তিয়ে এৰি থৈ যায় নৱজাতকটিক । পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কেঁচুৱাটিক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । উদ্ধাৰৰ পিছতে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় নৱজাতকটিক । চিকিৎসাৰ অন্তত বৰ্তমান সুস্থ আৰু বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে । ইফালে কোনে আৰু কি পৰিস্থিতিত নৱজাতকটিক সেই স্থানত এৰি থৈ গ’ল, সেই ৰহস্য উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে ডিমৌ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.