সঁচাকৈ সোণ বিক্ৰী কৰি ডলাৰ ক্ৰয় কৰিব নেকি ৰিজাৰ্ভ বেংকে?
ইয়াৰ বিনিময়ত লাভ কৰা ধনৰাশিৰে RBIয়ে ৭.৫ বিলিয়ন ডলাৰ ক্ৰয় কৰিছে। দেশৰ বিদেশী মুদ্ৰাৰ ভঁৰাল টনকীয়াল কৰাৰ বাবে বৃহৎ পৰিমাণৰ এই ডলাৰ ক্ৰয় কৰিছে RBIয়ে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত ডলাৰৰ পৰিমাণ বৃদ্ধি হ’লে ডলাৰৰ বিপৰীতে টকাৰ স্থিতি শক্তিশালী হয়।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছত ডলাৰৰ বিপৰীতে টকাৰ পতনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য প্ৰায় ৯৭ টকালৈ অৱমূল্যায়ণ। ভাৰতৰ মুলধনী বজাৰৰপৰা বিদেশী বিনিয়োগকাৰীয়ে বিপুল পৰিমাণৰ বিনিয়োগ প্ৰত্যাহাৰ কৰাৰ বাবে টকাৰ পতনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ফলত ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰতো বিৰূপ প্ৰভাৱ পৰিছে। পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে স্বৰ্ণ ভাণ্ডাৰৰ পৰা ১২ বিলিয়ন ডলাৰৰ মূল্যৰ তথা ১.১৪ লাখ কৌটি টকাৰ স্বৰ্ণ বিক্ৰী কৰা বুলি প্ৰকাশ।
খবৰ অনুসৰি ইয়াৰ বিনিময়ত লাভ কৰা ধনৰাশিৰে RBIয়ে ৭.৫ বিলিয়ন ডলাৰ ক্ৰয় কৰিছে। দেশৰ বিদেশী মুদ্ৰাৰ ভঁৰাল টনকীয়াল কৰাৰ বাবে বৃহৎ পৰিমাণৰ এই ডলাৰ ক্ৰয় কৰিছে RBIয়ে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত ডলাৰৰ পৰিমাণ বৃদ্ধি হ’লে ডলাৰৰ বিপৰীতে টকাৰ স্থিতি শক্তিশালী হয়। পতন ৰোধ কৰিবলৈ RBI য়ে সোণ বিক্ৰী কৰি ডলাৰ ক্ৰয় কৰিছে। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে RBI য়ে সোণ বিক্ৰী কৰাৰ তথ্য ফাদিল কৰিছে। তাৰপিছতেই দেশজুৰি প্ৰৱল বিতৰ্কৰ সূত্ৰপাত হৈছে।
এতিয়া, প্ৰশ্ন উঠিছে ১৯৯১ চনত ভাৰতৰ অৰ্থনীতিৰ পতনৰ পুনৰাবৃত্তি হৈছে নেকি?১৯৯১ চনত প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ আমোলত বিদেশত বন্ধকত থোৱা হৈছিল সোণ। কেইবা টন স্বৰ্ণ বিদেশত বন্ধকত থৈছিল ভাৰত চৰকাৰে। পুনৰ সেই দিন উভতি অহাৰ আশংকাই দেখা দিছে। উল্লেখ্য যে, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে আন্তঃৰাৰ্ষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে। ফলত খাৰুৱা তেলৰ ক্ৰয়ৰ বিনিময়ত পূৰ্বতকৈও অধিক পৰিমাণৰ ডলাৰ ব্যয় হৈছে ভাৰতৰ।
ভাৰতে ৮৮% খাৰুৱা তেল আমদানী কৰে। ইয়াৰ বাবে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা বাহিৰলৈ ওলায় যায়। খাৰুৱা তেলৰ দাম বৃদ্ধি পালে ডলাৰত চাহিদা বৃদ্ধি পায়। ফলত পতন হয় টকাৰ। সম্প্ৰতি প্ৰতি ডলাৰৰ বিনিময় মূল্য ৯৬.৯৬ টকা। উল্লেখ্য যে, মে মাহৰ শেষ পৰ্যন্ত ৰিজাৰ্ভ বেংকত জমা ৮৮০.৫২ টন সোণ। ইয়াৰে ৭৭% মজুত আছে দেশত। অৱশিষ্ট সোণ বিদেশত জমা। এই সোণ জমা আছে বেংক অৱ ইংলেণ্ডত।
অৱশ্যে এই দাবী অস্বীকাৰ কৰিছে RBI-এ। প্ৰকাশ পোৱা খবৰ সন্দৰ্ভত স্পষ্টীকৰণ দি RBI-এ উল্লেখ কৰিছে যে, দেশৰ সোণৰ ভঁৰালৰ পৰা কোনো সোণ বিক্ৰী কৰা হোৱা নাই। RBI-ৰ মতে, বৰ্তমানো ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা আছে ৮৮০.৫২ টন। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী দাবীক “ভুল” বুলি অভিহিত কৰি জনসাধাৰণক কেৱল RBI-ৰ চৰকাৰী তথ্যৰ ওপৰত ভৰসা কৰিবলৈ আহ্বান জনাইছে।

