ইউৰোপত উ/ত্তেজনা! গভীৰ সংকটত ৰাছিয়াৰ তৈল ভাণ্ডাৰ…
ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকৰ বাবে ইউক্ৰেনৰ ৰাজধানী কীভত আতংক বিয়পী পৰিছে।ৰাজধানী কীভৰ কেইবাটাও আবাসীক অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। ফলত কীভত ১০ জন আবাসীৰ মৃ্ত্যু হৈছে।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজত বিশ্বত চলি থকা ইউক্ৰেন ৰাছিয়াৰ যুদ্ধই এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে।ৰাছিয়াই অধিক তীব্ৰতৰ কৰি তুলিছে ইউক্ৰেন আক্ৰমণ।ৰাজধানী কীভৰ পৰা নিপ্ৰোলৈকে ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইক । ড্ৰোণ আৰু মিছাইলেৰে ইউক্ৰেনত ধ্বংসলীলা সংঘটিত কৰিছে ৰাছিয়াই।ৰাছিয়াৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাই জাপৰিঝিয়াও ।
ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকৰ বাবে ইউক্ৰেনৰ ৰাজধানী কীভত আতংক বিয়পী পৰিছে।ৰাজধানী কীভৰ কেইবাটাও আবাসীক অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। ফলত কীভত ১০ জন আবাসীৰ মৃ্ত্যু হৈছে। নিপ্ৰোত চাৰিজন লোকৰ মৃত্যু হোৱাৰ উপৰিও শতাধিক লোক আহত হৈছে। ৰাছিয়াৰ ড্ৰোণ আৰু মিছাইলৰ সন্মিলিত আক্ৰমণত কীভৰ কেইবাটাও আবাসীক অট্টালিকাত ক্ষতিসাধন হোৱাৰ উপৰিও বহু গাড়ী ধ্বংস হৈছে।
ৰাছিয়াৰ বেলেষ্টিক মিছাইল, ক্ৰুজ মিছাইল প্ৰয়োগ। ২৪ মহলীয়া অট্টালিকাত মিছাইলৰ আঘাট। ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰিছে বহু লোক। ৰাছিয়াই পৰিকল্পিতভাৱে আক্ৰমণ কৰিব বুলি সকীয়াই দিয়াৰ পিছতেই জ্বলি উঠিল ইউক্ৰেণ। বিদেশী লোকক ইউক্ৰেণ এৰিবলৈ আহ্বান জনাইছিল ৰাছিয়াৰ বিদেশী মন্ত্ৰীয়ে ।ৰাছিয়াৰ এই আক্ৰমণৰ পাছতেই ইউৰোপৰ যুদ্ধৰ উত্তেজনা অধিক ঘনিভূত হয়।
ৰাছিয়াই ইউক্ৰেণৰ অসামৰিক এলেকাক টাৰ্গেত কৰাৰ বিপৰীতে ইউক্ৰেণে ৰাছিয়াৰ তৈল ভাণ্ডাৰত আঘাট কৰে। ইউক্ৰেণে ৰাছিয়াৰ ১৫টা সোধানাগাৰত আঘাট কৰা বুলি প্ৰকাশ। এই ১৫ শোধানাগাৰে ৰাছিয়াৰ ৪০ শতাংশ খাৰুৱা শোধন কৰে । ফলত ৰাছিয়াত তেলৰ সংকটে দেখা দিয়াৰ আশংকা দেখা দিছে।ৰাছিয়াৰ এই ইন্ধনৰ সংকটে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ইন্ধনৰ সংকট অধিক ঘনিভূত কৰিব বুলি চৰ্চা চলিছে।

