
যোৰহাটৰ ৪ ছাত্ৰ-ছাত্ৰীৰ সন্ধানহীনৰ বাতৰিৰ দৰেই গুৱাহাটীতো ছাত্ৰী নিৰুদ্দেশৰ ঘটনা। যোৰহাটৰ ৪ ছাত্ৰ-ছাত্ৰীক সোমবাৰে উদ্ধাৰ কৰিছিল মেঘালয়ৰ পৰা। পৰিয়ালৰ লোকলৈ চিঠি লিখি ঘৰৰ পৰাই সন্ধানহীন হৈ পৰিছিল যোৰহাটৰ ৪ ছাত্ৰ-ছাত্ৰী। এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই । সোমবাৰৰ পৰা নিৰুদ্দেশ গুৱাহাটীৰ ৪ গৰাকী ছাত্ৰী।
সন্ধানহীন বশিষ্ঠৰ বনগাঁৱৰ একেখন বিদ্যালয়ৰে ৰুমী বৰুৱা, নিৰুপায় ৰয়, আয়ুশ্রী সিং, জিলমিল দৈমাৰী। ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্রীকেইগৰাকী। সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰীকেইগৰাকী। বিদ্যালয়লৈ যোৱাৰ পৰাই সন্ধান নাই ৪ কিশোৰীৰ । ইতিমধ্যে সন্ধানহীন হোৱা ৪ ছাত্ৰীৰ পৰিয়ালে কন্যাৰ সন্ধানহীনক লৈ বশিষ্ঠ থানাত দাখিল কৰিছে এজাহাৰ। মঙলবাৰে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিলেও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকিল ৪ ছাত্ৰীৰ অভিভাৱক। এইক্ষেত্ৰত আৰক্ষীয়েও ছাত্ৰীকেইগৰাকী সন্ধানহীন হোৱাক লৈ প্ৰদান কৰা নাই কোনোধৰণৰ মন্তব্য।
উল্লেখ্য যে, যোৰহাটৰ ৪ ছাত্ৰ-ছাত্ৰীৰ সন্ধানহীনৰ ঘটনাত জড়িত আছিল ৩য় পক্ষ। যোৰহাটৰ ঘটনাত জড়িত আছিল এজন প্ৰাপ্তঃবয়ষ্ক লোক। এতিয়া চৰ্চা হৈছে, কেনেবাকৈ গুৱাহাটীৰ ঘটনাতো জড়িত নেকি কোনো আন লোক? মুঠৰ ওপৰত বশিষ্ঠৰ ৪ ছাত্ৰীৰ নিৰুদ্দেশৰ বাতৰিৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। কিয়নো গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হয় একাধিক অপৰাধমূলক ঘটনা, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল তথা স্থানীয় লোক।