nationalভাৰত

দিল্লীলৈ ক’কৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকে

সামাজিক মাধ্যমত অভিজিতৰ ঘোষণা, ভাৰতত উপস্থিত হোৱাৰ পিছত যুৱ-ছাত্রৰ সহযোগত গ্ৰহণ কৰা হ’ব প্ৰতিবাদী কাৰ্যসূচী প্ৰশ্নকাকত ফাদিল, পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে হ’ব আন্দোলন। অভিজিতৰ অভিযোগ, বিভিন্ন পৰীক্ষাত হোৱা অনিয়ম আৰু প্রশ্নকাকত ফাদিলৰ ফলত লক্ষ লক্ষ শিক্ষাৰ্থীৰ ভবিষ্যতৰ প্ৰতি আহিছে ভাবুকি।

দল গঠনৰ পিছত প্রথমবাৰৰ বাবে আমেৰিকাৰ পৰা দেশৰ মাটিত ভৰি থবহি ক’কৰোচ জনতা পার্টি(CJP)ৰ প্রতিষ্ঠাতা অভিজিৎ দীপকেই। মাথোঁ দেশলৈ অহাই নহয়, অহা ৬ জুন দিল্লীৰ যন্তৰ মন্তৰত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগৰ দাবীত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিতে৷

সামাজিক মাধ্যমত অভিজিতৰ ঘোষণা, ভাৰতত উপস্থিত হোৱাৰ পিছত যুৱ-ছাত্রৰ সহযোগত গ্ৰহণ কৰা হ’ব প্ৰতিবাদী কাৰ্যসূচী প্ৰশ্নকাকত ফাদিল, পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে হ’ব আন্দোলন। অভিজিতৰ অভিযোগ, বিভিন্ন পৰীক্ষাত হোৱা অনিয়ম আৰু প্রশ্নকাকত ফাদিলৰ ফলত লক্ষ লক্ষ শিক্ষাৰ্থীৰ ভবিষ্যতৰ প্ৰতি আহিছে ভাবুকি।

নীটৰ প্রশ্নকাকত ফাদিলৰ বাবে বহু শিক্ষার্থী মানসিকভাবে ভাগি পৰিছে৷ ইয়াৰ নৈতিক দায়িত্ব মূৰ পাতি ল’ব লাগিব শিক্ষামন্ত্রীয়েই৷ অভিজিতৰ মন্তব্য, এনে ঘটনাৰ বাবে- ছাত্রসমাজে গণতান্ত্রিকভাবে চৰকাৰক জবাবদিহি কৰা প্ৰয়োজন। কাৰণ, এনে কাৰ্যৰে ১ কোটিৰো অধিক শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা হৈছে৷
ইয়াৰ ভিতৰত আছে নীটৰ ২২ লাখ, CBSCৰ ১৭ লাখ , CUETৰ ১৬ লাখ, এছ এছ চি জি ডিৰ ৪০ লাখ । ইয়াৰ দায়িত্ব কোনোবাই ল’বই লাগিব। আন্দোলনত যোগদানৰ আহ্বান জনাই অভিজিতৰ মন্তব্য- এই বৃহৎ বিতর্কৰ পিছতো শিক্ষামন্ত্রীয়ে কিয় পদত্যাগ কৰা নাই?

অভিজিতৰ ঘোষণা, ৬ জুনৰ পুৱা দিল্লীত উপস্থিত হৈয়েই তেও সমর্থকসহ প্ৰথমে পাৰ্লিয়ামেন্ট ষ্ট্ৰীট থানাৰ পৰা অনুমতি লৈ যন্তৰ মন্তৰত শান্তিপূর্ণ বিক্ষোভ কাৰ্যসূচী পালন কৰিব৷ এই প্ৰতিবাদ হ’ব সম্পূর্ণ অহিংস আৰু সংবিধানসম্মত ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.