
হয়তো কোনেও ভবা নাছিল IPL ২০২৬ৰ পৰা ৰাজস্থান ৰয়েলছ এনেদৰে বাহিৰ হ’ব। IPLৰ পৰা ৰাজস্থান ৰয়েলছ বাহিৰ হ’ল… কিন্তু মানুহৰ মনত ৰৈ গ’ল এটি কিশোৰ যাৰ নাম, বৈভৱ সূৰ্যবংশী। শুকুৰবাৰে অনুষ্ঠিত আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৭ উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক। গুজৰাট টাইটানছৰ বাবে এই জয় সহজ আছিল যদিও কিছুসময়ৰ বাবে থমকি ৰৈছিল ক্ৰিকেটপ্ৰেমীসকল।
অসমৰ ক্ৰিকেটপ্ৰেমীৰ আশা আছিল, ৰাজস্থান ৰয়েলছে আইপিএলৰ ফাইনেল খেলক। আৰ আৰৰ অধিনায়ক ৰিয়ান পৰাগ অসম সন্তান হোৱাৰ বাবেই সেই প্ৰত্যাশা জাগিছিল। তদুপৰি বৈভৱ সূৰ্যবংশীক লৈয়ো দেশবাসীৰ এটা সপোন আছিল। কিন্তু পুনৰবাৰ ব্যৰ্থ হ’ল ৰিয়ান পৰাগ। ৬টা বলত ১১ ৰান কৰি ৰিয়ান উভতিল পেভিলিয়নলৈ। অধিনায়ক হিচাপে দায়িত্ববোধ দেখুৱাব নোৱাৰিলে ৰিয়ানে।
এই খেলখনত সকলোৰে দৃষ্টি নিবদ্ধ আছিল এজন ১৫ বছৰীয়া ক্ৰিকেটাৰৰ ওপৰত। যাৰ অদম্য সাহস, দুৰ্দান্ত বেটিঙে টোপনি হৰিছিল বহু তাৰকা বলাৰৰ।সেই ১৫ বছৰীয়া কিশোৰজনৰ সেমেকা দুচকুৱে কৈ গৈছিল সকলো কাহিনী। অসাধাৰণ প্ৰতিভাৰ গৰাকী কিশোৰজনে বুজাই গ’ল ক্ৰিকেট কেৱল এখন খেল নহয়, কোনো যুগ যুগান্তৰৰ সাধনাও নহয়। য়ৰ্কাৰ লেন্থ বল ছিক্স, ফুল লেন্থ বল বলাৰৰ ওপৰেৰে ছিক্স, অফৰ বল থাৰ্ডমেনৰ ওপৰেৰে ছিক্স, পেডৰ বল ফ্লিক কৰি স্কোৱেৰ লেগত ছিক্স, শ্লো বল ফাইন লেগৰ ওপৰেৰে ছিক্স! ষ্টেডিয়ামৰ এটাও কোণ বাছি যোৱা নাই ১৫ বছৰীয়া বৈভৱৰ পৰা। কিন্তু আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পৰাজয়ৰ পিছত সেইজন বৈভৱ সূৰ্যবংশীৰ চকুৰ পৰা বৈ আহিছিল চকুলো।
এই মেচখনত ৰাজস্থান ৰয়েলছ দলে গুজৰাট টাইটানছৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল। বৈভৱ সূৰ্যবংশীৰ ৯৬ ৰানৰ ইনিংছৰ সহায়ত ৰাজস্থান ৰয়েলছে মুঠ ২১৪ ৰান সংগ্ৰহ কৰিচিল। কিন্তু ইয়াৰ উত্তৰত গুজৰাট টাইটানছে ৮ টা বল বাকী থকা অৱস্থাত এই লক্ষ্য ভেদ কৰে। ইয়াৰ লগে লগে আই পি এল ২০২৬ত ৰাজস্থানৰ যাত্ৰাৰ অন্ত পৰিল । তাৰ পিছতে উচুপি উঠিল পেভিলিয়নত বহি থকা বৈভৱ সূৰ্যবংশী। এই দৃশ্য প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ বাবে আছিল আৱেগেৰে ভৰা।
VAIBHAV SURYAVANSHI CRYING AFTER MATCH LOSS 🤯
– Feel for Vaibhav, He did everything to win for his team but God have different plans 💔 pic.twitter.com/cpjiOM4gN8
— Sam (@cricsam02) May 30, 2026
ৰাজস্থান ৰয়েলছ খেলখনত পৰাস্ত হোৱাৰ লগে লগে ক্ষুব্ধ যেন দেখা গ’ল বৈভৱক। জ্যেষ্ঠ খেলুৱৈ ৰবীন্দ্ৰ জাদেজাই তেওঁক সান্তনা দিয়াও দেখা গ’ল। এই কথা-বতৰা যথেষ্ট সময় ধৰি চলি থাকিল। ইয়াৰ পিছত ডাগআউটৰ ভিতৰলৈ সোমাই গ’ল বৈভৱ সূৰ্যবংশী। গুজৰাট টাইটানছৰ খেলুৱৈৰ সৈতেও তেওঁ হাত মিলাব পৰা নাছিল। ডাগআউটৰ ভিতৰত তেওঁক টুপিৰ আঁৰত মুখখন লুকুৱাই বহি থকা দেখা গৈছিল। অৱশ্যে তেওঁৰ চকুলোৰে ভৰা দুচকু কেমেৰাত বন্দী হৈছিল।
চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ বৈভৱ সূৰ্যবংশীয়ে অদ্ভুদ, আশ্চৰ্যকৰ প্ৰদৰ্শন আগবঢ়ায়। ২০২৬ চনৰ আই পি এলত ৭৭৬ ৰান সংগ্ৰহ কৰিছিল খেলুৱৈগৰাকীয়ে। তেওঁৰ বেটিং গড় আছিল ৪৮.৫। তেওঁ সমগ্ৰ ছিজনত সৰ্বাধিক ৭২টা ছিক্সাৰৰ অধিকাৰী হৈছিল। বৈভৱৰ ষ্ট্ৰাইক ৰেট ২৩৭.৩১ । গতিকে এয়া স্বাভাৱিক যে যেতিয়া কোনো খেলুৱৈয়ে ইমান দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ পিছতো তেওঁৰ দলটোৱে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়, তেতিয়া মনত হতাশা অহাটো নিশ্চিত।
বৈভৱ সূৰ্যবংশীয়ে এই ছিজনত তিনিবাৰকৈ ৯০ৰ ঘৰ অতিক্ৰম কৰি শতকৰ পৰা বঞ্চিত হৈছে। সূৰ্যবংশীয়ে লক্ষ্ণৌৰ বিৰুদ্ধে ৯৩ ৰান সংগ্ৰহ কৰি আউট হয়। হায়দৰাবাদৰ বিৰুদ্ধে তেওঁ ৯৭ ৰান সংগ্ৰহ কৰিছিল আৰু শেষত গুজৰাটৰ বিৰুদ্ধে ৯৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল। তদুপৰি গুজৰাটৰ বিৰুদ্ধে শতক হেৰুৱাৰ ঠিক পিছতেই তেওঁৰ দলটোও আই পি এলৰ পৰা বাহিৰ হ’ল।
আই পি এলত বৈভৱ সূৰ্যবংশীৰ অভিলেখ
-বৈভৱ সূৰ্যবংশীয়ে এই ছিজনত কেইবাটাও অভিলেখ ভংগ কৰে। এই ছিজনত তেওঁ সৰ্বাধিক ৭২টা ছিক্সাৰ সংগ্ৰহ কৰিছিল।
-তেওঁ এটা ছিজনত ৭০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
-মাত্ৰ ৪৪০টা বলত এই কৃতিত্ব অৰ্জন কৰি ১০০০ ৰান সংগ্ৰহ কৰা আই পি এলৰ সৰ্বাধিক দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয় সূৰ্যবংশী।
-বৈভৱ সূৰ্যবংশীয়ে ২৩৭ৰ ওপৰত ষ্ট্ৰাইক ৰেট অব্যাহত ৰাখিছিল, যিটো ৭০০ৰ অধিক ৰান কৰা বেটছমেনৰ ভিতৰত সৰ্বাধিক।