Social Networkঅসমধাৰ্মিক

ৰেঙনী টিভিত সম্প্ৰচাৰিত বেহাৰবাৰী আউট পষ্টত ধৰ্মীয় মেৰু কৰনৰ গুৰুতৰ অভিযোগ

২০৫৬ নম্বৰ খণ্ডৰ আৰম্ভণিৰ দৃশ্যাংশ আতৰাই দিয়াৰ আহ্বান

ৰেঙনী টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পষ্টত ধৰ্মীয় মেৰু কৰণৰ গুৰুতৰ অভিযোগ।

এটা নিৰ্দিষ্ট ধৰ্মৰ লোকসকলক টাৰ্গেট কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ’ব পৰা বিষয় উপস্থাপনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদে।

২০৫৬ নম্বৰ খণ্ডৰ আৰম্ভণিৰ দৃশ্যাংশ আতৰাই দিয়াৰ আহ্বান জনোৱাৰ লগতে ধাৰাবাহিক খনৰ পৰিচালক আৰু ৰেঙনী টিভিত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে নাজিৰ আহমেদে। অন্যথাই আইনগত ব্যবস্থা লব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

ইতিমধ্যে সামাজিক মাধ্যম আৰু ফেচবুকতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বহুজনে। মনোৰঞ্জন ধৰ্মী ধাৰাবাহিক ছবিখনত ৰাজনৈতিক আৰু ধৰ্মীয় মেৰুকৰনৰ বিষয় উপস্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP)ৰ সম্পাদকগৰাকীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 12 =

Back to top button