জীৱনশৈলীভাৰত

ৰিলায়েন্স জিঅ’-এ আগবঢ়াইছে বিশেষ অফাৰ ফ্ৰিডম প্লান

৫ টাকৈ প্ৰিপ্ৰেইড ফ্ৰিডম প্লান মুকলি কৰিছে জিঅ'ই

##Jio #Prepaid #Plan #Data #Reliance #Recharge

দেশৰ ব্যক্তিখণ্ডৰ অগ্ৰণী টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই আগবঢ়াইছে বিশেষ অফাৰ ফ্ৰিডম প্লান৷ দৈনিক কোনো লিমিট নোহোৱাকৈ লাভ কৰিব ম’বাইল ডাটা৷ ইয়াৰ বাবে ৫ টাকৈ প্ৰিপ্ৰেইড ফ্ৰিডম প্লান মুকলি কৰিছে৷ আজিৰ পৰাই কাৰ্যকৰী হ’ব এই প্লান৷

নতুন ফ্ৰিডম প্লান অনুসৰি, ১২৭ টকাত দৈনিক জিঅ’ গ্ৰাহকে লাভ কৰিব ১২ জিবি ডাটা৷ এই ম’বাইল ডাটা সীমাহীনভাৱে ব্যৱহাৰ কৰিব পাৰিব ১৫ দিন পৰ্যন্ত৷

আনহাতে জিঅ’-এ ৩০ দিন, ৬০ দিন আৰু ৯০ দিনৰ বাবে আন এক সুকীয়া প্লেনৰ সমান্তৰালকৈ ৩৬৫ দিনৰ বাবেও আকৰ্ষণীয় বিশেষ প্লেন আৰম্ভ কৰিছে৷

মনকৰিবলগীয়া যে, জিঅ’ৰ পূৰ্বৰে পৰা কাৰ্যকৰী হৈ থকা ২৮ দিনৰ প্লেনৰ স্থানত এতিয়াৰ পৰা সংযোজিত হ’ল দুদিনৰ অতিৰিক্ত ডাটা৷

জিঅ’ৰ শেহতীয়া নতুন নিৰিখ অনুসৰি ডাটা লাভ কৰিব ১৪৭ টকাত ২৫ জিবি, ৪৪৭ টকাত ৫০ জিবি৷ ৰিলায়েন্স জিঅ-এ আশা কৰে জিঅ’ৰ নতুন ফ্ৰিডম অফাৰে গ্ৰাহকৰ মনোগ্ৰাহী কৰিব৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eleven =

Back to top button