Socialগুজৰাটপ্ৰাকৃতিক দুৰ্যোগভাৰত

গুজৰাটত বানৰ ভয়াৱহ পৰিস্থিতি! মৃত্যু ৬৩জনৰ

বানৰ কবলত পৰি ২৪ ঘন্টাত  গুজৰাটত ৭ জন লোকৰ মৃত্যু। মুষলধাৰ বৰষুণত নদীৰ বাঢ়নী পানীয়ে বুৰাইছে ৰাজ-পথ।

গুজৰাটত বানৰ সংহাৰী ৰূপ ধাৰণ। সোমবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটৰ বহু অঞ্চল বুৰ গৈছে ভয়ংকৰ বানত। বানৰ কবলত পৰি ২৪ ঘন্টাত  গুজৰাটত ৭ জন লোকৰ মৃত্যু। মুষলধাৰ বৰষুণত নদীৰ বাঢ়নী পানীয়ে বুৰাইছে ৰাজ-পথ।
বান পৰিস্থিতিৰ বাবে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা।

আগন্তুক ৫ দিনলৈ কেইবাখনো জিলাত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ। সেয়েহে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে কয় যে যোৱা ২৪ ঘণ্টাত অতিপাত বৃষ্টিপাতৰ বাবেই ৭ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে৷ গুজৰাটত বজ্ৰপাত, বানপানী, দেৱাল ভাঙি যোৱা আদি বৰষুণ সম্পৰ্কীয় ঘটনাৰ বাবে হোৱা মৃত্যুৰ সংখ্যা ১ জুনৰ পৰা ৬৩ জনলৈ বৃদ্ধি।

ইতিমধ্যেই ৯ হাজাৰ লোকক স্থানান্তৰিত কৰাৰ লগতে ৪৬৮ জনক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয়।আহমেদাবাদ চহৰতো দেওবাৰে নিশা প্ৰচণ্ড বৰষুণৰ ফলত বহু আৱাসিক অঞ্চলত পানী জমা হোৱাৰ লগতে আণ্ডাৰপাছ আৰু পথত বানপানী হয়। সেয়েহে সোমবাৰেও বন্ধ হৈ থাকিল মহানগৰীৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ।

গুজৰাটত বানে ক্ষতি কৰা অঞ্চলসমূহ হৈছে ডাং, নৱছাৰী, তাপি, আৰু ভালসাদ৷ প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক ফোন কৰি পৰিস্থিতি বুজ লয়৷ লগতে সহায়ৰ আশ্বাস দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button