Socialঅপৰাধঅসম

ৰাজ্যত সক্ৰিয় কিন্নৰৰ বৃহৎ ৰেকেট, অসমৰ শিশু-যুৱকক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ

কাম দিয়াৰ চলেৰে দিল্লীলৈ নি বিভিন্ন পন্থা অৱলম্বনেৰে ৰূপান্তৰ কৰা হয় তৃতীয় লিংগলৈ

ৰাজ্যত চলিছে কিন্নৰৰ বৃহৎ ৰেকেট, অসমৰ পৰা কিন্নৰলৈ ৰূপান্তৰ কৰিবলৈ দিল্লীলৈ ৰপ্তানী কৰা হয় শিশু-যুৱক। ৰাজ্যত সক্ৰিয় হৈ থকা এই কিন্নৰৰ গোটটো নিয়ন্ত্ৰিত হয় দিল্লীৰ পৰা। বিশাল সম্পত্তিৰ অধিকাৰী পিংকী নামৰ এগৰাকী কিন্নৰে নিয়ন্ত্ৰণ কৰা এই বৃহৎ চক্ৰটোৱে সম্প্ৰতি সৃষ্টি কৰিছে বিভীষিকাৰ।

অসমৰ বহু দৰিদ্ৰ শিশু-যুৱকক কাম দিয়াৰ চলেৰে দিল্লীলৈ নি বিভিন্ন পন্থা অৱলম্বনেৰে ৰূপান্তৰ কৰা হয় তৃতীয় লিংগলৈ। লিংগ সলনি কৰাৰ পাছত এই শিশু-যুৱতীসকলক পুনৰ লৈ অহা হয় অসমলৈ। দীৰ্ঘদিন ধৰি অসমত চলি থকা এই ব্যৱসায়ৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। দিল্লীৰ এই চক্ৰৰ পৰা পলায়ন কৰা এগৰাকী কিন্নৰে প্ৰকাশ কৰিছে এই ব্যৱসায়ৰ ক’লা অধ্যায়ৰ কথা। আৰক্ষীৰ আগত এই ভয়ংকৰ তথ্য ফাদিল কৰে স্বাতী বিধান বৰুৱাই ।

অৱশেষত, পাণবজাৰ আৰক্ষীৰ অভিযানত আৰক্ষীৰ জালত পৰিছে কিন্নৰৰ এটা দল। সোমবাৰে নিশা এটি মহিলা আৰক্ষীৰ দলে অভিযান চলাই কিন্নৰ মাফিয়া পিংকীৰ লগতে আটক কৰে এই ভয়ংকৰ চিণ্ডিকেটৰ লগত জড়িত আন ছয় গৰাকী কিন্নৰ।

লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী দুৰ্ভগীয়া ভুক্তভোগীক। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 161/21 420/370A/120B/Sec 6 of immoral tracking act নম্বৰত কিন্নৰৰ দলটোৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ। কিন্নৰক আটক কৰাৰ পাছত আজি পুৱা আৰক্ষী থানাৰ সন্মুখত একাংশ কিন্নৰে সাৱ্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button