দিল্লীভাৰতৰাজনৈতিকৰাজস্থান

ৰাজস্থানৰ গেহলট চৰকাৰ পুনৰ বিসম্বাদৰ সন্মুখীন!

শচীনৰ নেতৃত্বত এই বিসম্বাদ

ৰাজস্থানত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ পুনৰ বিদ্ৰোহৰ উকমুকনি৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট পন্থীৰ বিধায়কে ৰাজ্যিক মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দাবীত সংগোপনে চলাইছে বিসম্বাদ৷ এনে ঘটনাক্ৰমৰ মাজতে শনিবাৰৰ পৰা কংগ্ৰেছ হাইকামান্দক সাক্ষাৎ লাভৰ লক্ষ্যৰে দিল্লীত বাহৰ পাতিছিল শচীন পাইলট৷ কিন্ত ছোনীয়া তনয় ৰাহুল গান্ধী, প্ৰিয়ংকা

গান্ধীক বাৰম্বাৰ সাক্ষাৎৰ চেষ্টা চলাইয়ো বিফল হৈ গৃহ ৰাজ্যলৈ উভতি আহে পাইলট৷ এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে পুনৰ মাৰাথন বিদ্ৰোহ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

     উল্লেখ্য যে, বিগত বৰ্ষৰ মাজভাগত মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল তদানীন্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট সহ ২০ জনৰো অধিক বিধায়কে৷ যাৰ বাবে উপ-মুখ্যমন্ত্ৰী পদ সহ প্ৰদেশ কংগ্ৰেছ সভাপতিৰ পৰা অপসাৰিত হয়৷ অৱশ্যে পৰৱৰ্তী সময়ত কংগ্ৰেছ হাইকামান্দৰ হস্তক্ষেপত সেইবাৰ অশোক গেহলট চৰকাৰ স্থিৰ হয়৷

    মনকৰিবলগীয়া যে, কংগ্ৰেছৰ  প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ  সোহাঁত ৰূপে চিহ্নিত মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা জ্যোতিৰাদিত্য সিন্ধিয়া ইতিমধ্যে বিজেপিত যোগদান কৰি বিজেপিৰ সাংসদ হয়৷ শেহতীয়াকৈ আন এজন গান্ধী পৰিয়ালৰ অনুগত জিতেন প্ৰসাদ দুদিনমান পূৰ্বে  যোগদান কৰে বিজেপিত ৷ এজন এজনকৈ প্ৰভাৱশালী যুৱ নেতা বিজেপিত যোগদান কৰাৰ পিছত শেহতীয়াকৈ কংগ্ৰেছৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে শচীন পাইলট৷ দিল্লীত কংগ্ৰেছ মহলত সঘনেই উচ্চাৰিত হৈছে যে পাইলটে কংগ্ৰেছ হাইকামান্দৰ পৰা যথোচিত সহাৰী নাপায় বিজেপিমুখী হ‘ব৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 9 =

Back to top button