অসমখেলজীৱনশৈলীভাৰতমনোৰঞ্জন

ৰাজকীয় প্ৰস্তুতি লাভলীনাৰ বাবে

টকিঅ’ অলিম্পিকত পদক জয় কৰি অসমৰ মাটিত ভৰি দিলে লাভলীনাই

টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশবাসীৰক গৌৰৱাণ্ডিত কৰা বক্সাৰ লাভলীনা বৰগোহাঁই আজি গুৱাহাটীত উপস্থিত হৈছে৷ আজি পুৱা ৯ বজাত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈছে৷

Welcoming Lovlina
Welcoming Lovlina

বিমানবন্দৰত টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীক আদৰণি জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ক্রীড়ামন্ত্রী বিমল বৰাই৷ তেওঁলোকৰ সৈতে ৰাজ্যৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ক্রীড়াবিদ আৰু ক্রীড়া সংগঠকেও বিমানবন্দৰতে সম্বর্ধনা জনাই লাভলীনা বৰগোহাঁইক৷

Welcome Lovlina
Welcome Lovlina

আজি বিয়লি তিনি বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া চৰকাৰী সম্বর্ধনা অনুষ্ঠানত ভাগ ল’ব বক্সাৰগৰাকীয়ে৷ সজাই তোলা হৈছে সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহৰ চৌহদ৷ ইয়াতেই মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক পুৰস্কাৰ আৰু সম্বর্ধনা প্রদান কৰা হ’ব লাভলীনাক৷

সমান্তৰালভাৱে লাভলীনাক আদৰিবলৈ মহানগৰীৰ চুকে–কোণে লগোৱা হৈছে বৃহৎ বৃহৎ হর্ডিং–বেনাৰ আৰু পোষ্টাৰ৷

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

six + 16 =

Back to top button