অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

ৰঙিয়াত উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ! একে নিশাই একেলগতে যুৱকৰ মৃত্যুৰ ৰহস্য কি?

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াকে ধৰি বাইহাইটা অঞ্চলত

ৰঙিয়াত উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ।

ৰঙিয়াৰ তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু। বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক। নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। লগতে গুৰুতৰভাৱে অসুস্থ অৱস্থাত এজন যুৱকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ৰঙিয়া আৰক্ষীৰ সহযোগত বাইহাটা আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছে যুৱককেইজনক।

মৃত যুৱককেইজনক ৰঙিয়া তেৰেকুছিৰ বাবুল আলী, নিতেনি গাওঁৰ মজাফৰ হুছেইন আৰু ধূহিৰ ৰাতুল আলী বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি চফিকুল আলী নামৰ আন এজন যুৱক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াকে ধৰি বাইহাইটা অঞ্চলত।

কি পৰিস্থিতিত এটা নিশাতেই একেলগতে যুৱকৰ মৃত্যু হল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button