অৰুণাচল প্ৰদেশঅসমপ্ৰাকৃতিক দুৰ্যোগ

চলিত মাহৰ ষষ্ঠটো ভূমিকম্পই উত্তৰ পূৱৰ বৃহৎ ভুমিকম্পৰ সম্ভাৱনা দিছে নেকি?

সৰহভাগ ভুমিকম্প কেৱল অসম আৰু অৰুণাচল প্ৰদেশতে সংঘটিত হৈছে

চলিত মাহৰ ষষ্ঠটো ভূমিকম্পই উত্তৰ পূৱৰ বৃহৎ ভুমিকম্পৰ সম্ভাৱনা দিছে নেকি?

চলিত মাহতেই ৬ টাকৈ ভুমিকম্পই জোকাৰি যায় উত্তৰ পূৱ। এই ৬টা ভুমিকম্পৰ সৰহ ভাগেই কেৱল অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যতে সংঘটিত হৈছে।

তিনি অক্টোবৰত অসমৰ শোণিতপুৰ জিলাত ৩.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

অক্টোবৰৰ ৬ তাৰিখে অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়।

৭ অক্টোবৰ তাৰিখে পুনৰ অসমৰ বৰপেটা জিলা অভিকেন্দ্ৰ হৈ ২.৮ ৰিখটাৰ স্কেলৰ এক মৃদু ভুমিকম্পই জোকাৰি যায়। একেটা দিনতে একে ৰিখটাৰ স্কেলৰ আন এক ভুমিকম্পই জোকাৰি যায় মণিপুৰ।

৮ অক্টোবৰৰ নিশা ১২ বজাত ম্যানমাৰত ৫.৫ ৰিখটাৰ স্কেলৰ এক ভুমিকম্পই জোকাৰি যায়।

৯ অক্টোবৰ তাৰিখে পুনৰ অৰুণাচল প্ৰদেশত দুটাকৈ ভুমিকম্পই পূৱ কামেং জিলাত ৩.৬ ৰিখটাৰ স্কেল আৰু পশ্চিম কামেং জিলাত ২.৮ ৰিখটাৰ জোকাৰি যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button