অপৰাধভাৰত

১৩.৫০০ কোটি টকাৰ প্ৰৱঞ্চক মেহুল চৌকছী অৱশেষত আৰক্ষীৰ জালত

পাঞ্জাব নেচনেল বেংকৰ বহু হাজাৰ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক মেহুল চৌকছী অৱশেষত আৰক্ষীৰ জালত৷

১৩.৫০০কোটি টকাৰ প্ৰৱঞ্চনা কৰা বহু বিৰ্তকিত হীৰা ব্যৱসায়ী জন ২০১৮ চনত ভাৰতৰ পৰা পলায়ন কৰিছিল৷ প্ৰৱঞ্চক জনৰ বৃহৎ প্ৰৱঞ্চনা পোহৰলৈ অহাৰ লগে লগে তোলপাৰ লাগে দেশজুৰি৷ চৌকছীৰ বিৰুদ্ধে ইন্টাৰ’পলে জাৰি কৰিছিল ৰেড কৰ্ণাৰ ন’টিচ৷ ২৩মে’ত এন্টিগুৱাৰ পৰা অন্তধাৰ্ন হৈছিল চৌকছী৷

শেহতীয়াকৈ মেহুলক দেখা পোৱা গৈছিল কেৰেবিয়ান দ্বীপৰাষ্ট্ৰ ডমিনিকানত৷ কিন্ত অৱশেষত ২৬ মে’ত ডমিনিকান আৰক্ষীয়ে আটক কৰি জিন্মাত লয় চৌকছীক৷ ইতিমধ্যে চিবিআই-এ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ জৰিয়তে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে৷ সকলো ঠিকে থাকিলে অহা ৪৮ ঘন্টাৰ ভিতৰত ইন্টাৰপলৰ জৰিয়তে ধৃত চৌকছীত ভাৰতলৈ অনা হ’ব পাৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button