AssamCultureEducationFestivalnorth eastRegionalSocialSocial NetworkWild lifeঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়উৎসৱগুৱাহাটীজন্তুদৈনিক বাতৰিপৰিৱেশপৰ্যটনপ্ৰদূষণপ্ৰাকৃতিক দুৰ্যোগবতৰবন্যপ্ৰাণীবিশ্বভাৰতশিক্ষা

আজি বিশ্ব বন্যপ্ৰাণী দিৱস

প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস

আজি বিশ্ব বন্যপ্ৰাণী দিৱস । ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটো পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস ৷ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা, বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয় গোলকীয় সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা । ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাবে পালন কৰি অহা হয় ৷ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বদৰবাৰত এক নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মান চিত্ৰত কাজিৰঙাই দখল কৰিছে বিশেষ স্থান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button