অপৰাধঅসমঅসম আৰক্ষী

হেৰাই গ’ল অনিমেষ! মূল্য জানো ৫ লাখ হ’ব পাৰে? হ’ব দোষীৰ শাস্তি?

যোৰহাটৰ পাষৱিক কাণ্ডই জোকাৰি গৈছে ৰাজ্য

পূৱাই অনিমেষৰ বাসগৃহত উপস্থিত শিক্ষামন্ত্ৰী ৰনোজ পেগু সহ কেইবাজনো বিধায়কৰ লগতে আছুৰ উপদেষ্টা ডঃ সমজ্জুল ভট্টাচাৰ্য্য,সভাপতি দিপাংকৰ নাথ সহ সজাতি দল। ফাষ্ট ট্ৰেক আদালতত হব বিচাৰ। পোন্ধৰ দিনত আৰক্ষীয়ে দাখিল কৰিব চাৰ্জ চিট। দোষীক প্ৰদান কৰিব দৃষ্টান্ত মূলক শাস্তি -ডাঃ ৰনোজ পেগু, ভিন্ন দল‍-সংগঠনৰ

নিৰঞ্জন দাস: দেৰগাঁও,৩০ নৱেম্বৰ: যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত এটা সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত নৃশংস ঘটনাত নিহত হোৱা দেৰগাঁৱৰ আছুনেতা অনিমেষ ভূঞাৰ মৃতদেহ সোমবাৰে নিশা নিজা বাসগৃহ দেৰগাঁৱৰ খকণ্ডগুৰিত আহি পোৱাৰ লগে লগে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক সমবেত হয় অনিমেষৰ বাসগৃহত।

সাংস্কৃতিক আৰু অভিজাত নগৰীখ্যাত যোৰহাট নগৰৰ মাজমজিয়াত দিন দুপৰতে বজাৰ কৰিবলৈ যোৱা যুৱক তিনিজনক আৰক্ষীয়ে গিজগিজাই থকা আৰু ৰাইজৰ ভীৰ থকা অঞ্চলটোত কি দৰে চল্লিশ পঞ্চাশ জনীয়া নৰখাদকৰ দলে এজন নিৰপৰাধী যুৱকক হত্যা কৰিবলৈ পালে এই লৈ ক্ষোভত ফাটি পৰিছে মৃতকৰ বাসগৃহত উপস্থিত হোৱা সমগ্ৰ ৰাইজ। সকলোৱে চকুলো টুকি অতি ক্ষোভেৰে দোষীক কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে অসম পুলিচ মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৰাইজে। সোমবাৰে নিশাই ঘটনাস্থলীত গোলাঘাটৰ জিলা উপায়ুক্ত সহ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰাত নিশাই সহস্ৰাধিক লোকৰ উপস্থিতিত জিলা উপায়ুক্তৰ আশ্বাসত শোকাকুল পৰিবেশত সৎকাৰ কৰা হ’ল ছাত্ৰ নেতা অনিমেষৰ মৃতদেহ। মঙ্গলবাৰে পূৱা মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ মৰ্মে মৃতকৰ ঘৰত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু,বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া,মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাকে ধৰি বহুকেইজন নেতা কৰ্মী। শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে দোষীয়ে যাতে কোনো কাৰনতে সাৰি যাব নোৱাৰে তাৰ বাবে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ লগতে পোন্ধৰ দিনত শ্বাৰ্জশ্বিট প্ৰদানৰ আশ্বাস দিয়াৰ উপৰিও ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। তেও ঘটনাৰ স্থানত এট স্মাৰক নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে।

ইপিনে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ,যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটৰ প্ৰতিনিধি হিচাপে কালি সংঘটিত ঘটনাত অতিকে লজ্জিত বুলি ব্যক্ত কৰি থানাৰ পৰা তিনিশ আৰু আৰক্ষী অধিক্ষকৰ বাসগৃহৰ পৰা চাৰিশ মিটাৰ দূৰত সংঘটিত ঘটনাটোৰ উচিত তদন্ত নিশ্চিত ভাৱে হবই লাগিব বুলি কয় আৰু চৰকাৰৰ উপৰি নিজাববীয়াকৈও নিহত ছাত্ৰনেতাজনৰ পৰিয়ালৰ সংস্থাপনৰ ব্যবস্থা কৰিব বুলি মন্তব্য কৰে। খুমটাইৰ সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে দোষীয়ে যাতে খোজ কাঢ়ি আদালতলৈ যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।এদল নৰপিশাচৰ আক্ৰমণ আৰু একেসময়তে এচামে উপভোগ কৰা আৰু অন্য এচামে ভিডিঅ কৰি থকাৰ দৰে কাণ্ডকো গৰিহণা দিয়ে। আনহাতে বিৰুদ্ধি কংগ্ৰেছৰ এটি সজাটি দল ক্ৰমে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে,গোলাঘাট যুৱ কংগ্ৰেছৰ সভাপতি দেবব্ৰত ফুকন,গোলাঘাট যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত দাস,খুমটাই যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইক্ৰ’ম হুছেইন,গোলাঘাট উত্তৰ মণ্ডৰ কংগ্ৰেছৰ সভাপতি নাচিত বৰাকে ধৰি বহু নেতা কৰ্মীয়ে শুকস্তদ্ধ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰা লগতে অসম চৰকাৰৰ প্ৰশাসনিক দিশৰ ব্যৰ্থতা কথা উল্লেখ কৰি এই নৃশংস ঘটনাটো উচিত তদন্ত দাবী জনাই। ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজন নিষ্ঠাৱান কৰ্মীক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰা মূখ্য উপদেষ্টা ডঃ সমজ্জুল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাংকৰ নাথ, সম্পাদক শংকজ্যেতি বৰুৱা, উপদেষ্টা প্ৰকাশ দাস, সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী,গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক,গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক,দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদক,উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।

অনিমেষৰ মাতৃক সাৱতি ধৰি “মা”তোমাৰ লগত আছো বুলি কৈ দোষীক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ লগতে চৰকাৰলৈ পৰিয়ালৰ এজনক সংস্থাপন দিয়াৰ দাবী জনাই আছুৰ মূখ্য উপদেষ্টা ডাঃ সমজ্জুল কুমাৰ ভট্টাচাৰ্যই। অসম চৰকাৰৰ ফালৰ পৰা দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবৰ বাবে দাবী জনাই আছুৰ সভাপতি দীপাংকৰ নাথে।

ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দৰে দায়িত্বত থকা নিৰ্জু প্ৰকৃতিৰ অমায়িক,মেধাবী যুৱকজন অঞ্চলটোৰ এজন জনপ্ৰিয় যুৱক আছিল। সাহিত্য চৰ্চাত ৰাপ থকা অনিমেশে অন্য দুজন বন্ধু প্ৰতিদিন টাইমৰ সংবাদ কৰ্মী মৃদুুষ্মন্ত বৰুৱা আৰু প্ৰণয়জ্যোতি দত্তৰ সৈতে মিলি মহাবাহু প্ৰেছ নামেৰে এটি ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ঘৰখনৰ পোহপালৰ দায়িত্ব গ্ৰহণ কৰি আছিল। ব্যৱসায়িক কামত যোৰহাটলৈ গৈ মানুহৰূপী নৰপিশাচৰ আক্ৰমণৰ সন্মুখীন হৈ অকাল মৃত্যুক সাবতিব লগা অনিমেশ এক নং খকণ্ডগুৰি গাঁৱৰ (সোন) নবিন ভূঞাৰ দুই পুত্ৰৰ ভিতৰত জ্যেষ্ঠ আছিল। ঘটনাটোত বাকৰুদ্ধ হৈ পৰিছে মাতৃ হিৰ’ ভূঞা,  ভাতৃ অলকেশ ভূঞাৰ লগতে পৰিয়ালবৰ্গ। ইপিনে,ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হোৱা একে অঞ্চলৰে এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক মৃদুষ্মন্ত বৰুৱা আৰু আছু কৰ্মী প্ৰণয়জ্যোতি দত্ত সোমবাৰে নিশা ঘৰলৈ আহে যদিও মঙ্গলবাৰে পুনৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মনকৰিবলগীয়া যে পূৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি তথা স্থানীয় ৰাইজ উপস্থিত হৈ এই নাৰকীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শোকত ম্ৰিয়মান হৈ পৰে। অন্য হাতেদি অনিমেশ হত্যা কাণ্ডৰ বাবে দেৰগাঁও চেম্বাৰ অৱ কৰ্মাছে দুইঘন্টীয়া সকলো দোকান পোহৰ বন্ধ কৰে লগতে দেৰগাঁৱৰ চাৰিআলি,কমল দুৱৰা মহাবিদ্যালয়ৰ সন্মুখত,দেৰগাঁও চাৰিআলি মাজমজিয়া,আমগুৰি চাৰিআলিত বন্তি প্ৰজ্বল কাৰ্যসূচী স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + ten =

Back to top button