অসম

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন শিক্ষানীতি, কি আছে নতুন শিক্ষানীতিত?

বুনিয়াদীৰ পৰা ‘প্ৰস্তুতি’ পৰ্যায়লৈ থাকিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত

⚫নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন শিক্ষানীতি

⚫১ এপ্ৰিলৰ পৰা নতুন শিক্ষানীতিৰ আধাৰত আৰম্ভ হ’ব পাঠদান

⚫নতুন শিক্ষানীতিৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

⚫বৰ্তমানৰ নাৰ্ছাৰী শ্ৰেণী এতিয়াৰে পৰা পৰিচিত হ’ব বুনিয়াদী পৰ্যায় হিচাপে

⚫বৰ্তমানৰ প্ৰাক প্ৰাথমিক শ্ৰেণীসমূহ পৰিচিত হ’ব ‘প্ৰস্তুতি’ হিচাপে

⚫প্ৰস্তুতি পৰ্যায়ত থাকিব  তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী

⚫বুনিয়াদীৰ পৰা ‘প্ৰস্তুতি’ পৰ্যায়লৈ থাকিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত

⚫প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত থাকিব বুনিয়াদী শিক্ষাৰ পৰ্যায়

⚫ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত থাকিব মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত

⚫শিক্ষানীতিৰ তৃতীয় পৰ্যায় মাধ্যমিক শিক্ষাৰূপে পৰিচিত হ’ব

⚫মাধ্যমিক শিক্ষাত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী অন্তৰ্ভূক্ত হ’ব

⚫উচ্চ মাধ্যমিক ৰূপে পৰিচিত হ’ব চতুৰ্থ পৰ্যায়

⚫মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায় দুটা স্কুল শিক্ষা সঞ্চালকালয়ৰ অধীনত থাকিব

⚫অংগনবাড়ী কেন্দ্ৰসমূহ বুনিয়াদী পৰ্যায়ত সংযোগ কৰাৰ বিষয়ে কমিটি গঠন হ’ব

⚫কমিটিয়ে অংগনবাড়ী শিক্ষাৰ অন্তৰ্ভূক্তি সন্দৰ্ভত প্ৰতিবেদন দিব

⚫নতুন ব্যৱস্থা প্ৰশাসনিকভাৱে ২০২২ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব

⚫পাঠ্যক্ৰম বৰ্ষ হিচাপে ২০২২-২৩ শিক্ষাবৰ্ষ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button