খেলদৈনিক বাতৰিভাৰত

খেলপথাৰত যাদুৰ সৃষ্টি কৰা ‘হকীৰ যাদুকৰ’ ধ্যানচান্দক সুঁৱৰি

ভাৰতৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান 'মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা' তেখেতৰ নামেৰেই নামকৰণ কৰা হৈছে

আজি হকীৰ যাদুকৰ, ক্ৰীড়াবিদ ধ্যানচান্দৰ ওপজা দিন। অভূতপূৰ্ব ক্ৰীড়া শৈলীৰে ক্ৰীড়াৰ ইতিহাসত নাম খোদিত কৰি থৈ যোৱা ধ্যনচান্দৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্টত এলাহাবাদত। সাৰধা সিং আৰু সমেশ্বৰ সিঙৰ ঔৰষত জন্মগ্ৰহণ কৰা ধ্যানচান্দৰ পিতৃয়েও ব্ৰিটিছ আৰ্মীৰ হৈ খেলিছিল হকী।

হকীৰ জৰিয়তে ধ্যানচান্দে ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত ভাৰতৰ হৈ অলিম্পিকত সোণৰ পদক আনিবলৈ সক্ষম হৈছিল। তেখেতৰ অভূতপূৰ্ব পাৰদৰ্শিতাৰ বাবে ভাৰতে ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈকে মুঠ ৮ খন হকী খেলত পদক জিনিবলৈ সক্ষম হৈছিল।

১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈকে ১৮৫খন ৫৭০টা গ’ল কৰিবলৈ সক্ষম হৈছিল ধ্যানচান্দ। হকীৰ যাদুকৰ হিচাপে সকলোৰে মাজত পৰিচিত ধ্যানচান্দক ১৯৫৬ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰা হৈছিল।

তেখেতৰ জন্মদিনটো প্ৰতিবছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে দেশজুৰি পালন কৰা হয়। ভাৰতৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ‘মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা’ তেখেতৰ নামেৰেই নামকৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − four =

Back to top button