অসমজীৱনশৈলী

স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত দেশৰ মুঠ ১,৩৮০জন আৰক্ষী বিষয়া–জোৱানলৈ বিভিন্ন পদক

অসমৰ ২৭ বিষয়া জোৱানৰ ৰাষ্ট্ৰীয় মেডেল

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত দেশৰ মুঠ ১,৩৮০জন আৰক্ষী বিষয়া–জোৱানলৈ আগবঢ়োৱা হৈছে বিভিন্ন পদক৷ ইয়াৰে দুজনে সাহসিকতাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক, ৬২৮জনে সাহসিকতাৰ বাবে আৰক্ষীৰ পদক, ৮৮জনে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক আৰু ৬৬২জনে উৎকৃষ্টতাৰ বাবে লাভ কৰিছে আৰক্ষীৰ পদক৷ অসম আৰক্ষীৰ চাৰিজন বিষয়া–জোৱানে সাহসিকতাৰ বাবে আৰক্ষীৰ পদকপ্রাপ্তৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক লাভ কৰিছে গুৱাহাটীৰ তদানীন্তন আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই৷ শনিবাৰে এই বিষয়ে কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

সেইদৰে উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষীৰ পদকপ্রাপ্তৰ তালিকাভুক্ত হৈছে অসমৰ কেইবাজনো আৰক্ষীৰ বিষয়া–জোৱানৰ নাম। ইয়াৰ লগতে উৎকৃষ্ট সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষাৰ পদক লাভ কৰিছে অসমৰ চাৰিজনকৈ বিষয়া–কর্মচাৰীয়ে৷

এইবাৰ উৎকৃষ্ট সেৱাৰ বাবে অসমৰ তিনিজনে অগ্নিসেৱা পদক লাভ কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + seven =

Back to top button