অপৰাধঅসমৰাজনৈতিক

সৌহার্দ্যপূর্ণ আলোচনাৰে সমাধানৰ বাবে সাজু মিজোৰাম চৰকাৰ

মুখ্যমন্ত্রীৰ নাম এজাহাৰৰ পৰা প্রত্যাহাৰ কৰিব মিজোৰাম চৰকাৰে!

সৌহার্দ্যপূর্ণ আলোচনাৰে সীমা বিবাদ সমাধান কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ৷ শেহতীয়াকৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মিজোৰামৰ  মুখ্যমন্ত্রী জোৰামথাংগাৰ মাজত টেলিফোনিক বার্তালাপ হৈছিল। তাৰ পাছতে এই কথা প্রকাশ কৰিছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই৷

সংবাদ মাধ্যমৰ আগত মিজোৰাম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী জোৰামথাংগাই ড০ শর্মাৰ নাম এজাহাৰত উল্লেখ কৰাৰ প্রসংগত মুখ্য সচিবে কয় যে, এই সমগ্র বিষয়টো তেওঁ সংশ্লিষ্ট আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিব আৰু কোনো ধৰণৰ আইনী বাধা নাথাকিলে অসমৰ মুখ্যমন্ত্রীৰ নাম এজাহাৰৰ পৰা প্রত্যাহাৰ কৰিবলৈ পালে তেওঁলোক আনন্দিত হ’ব বুলি চুৱাংগোৱে প্রকাশ কৰে।

অৱশ্যে মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৬গৰাকী বিষয়া আৰু ২০০গৰাকী আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্রত্যাহাৰ হ’ব নে নহয়, সেই সন্দর্ভত মিজোৰামৰ মুখ্যমন্ত্রীগৰাকীয়ে মত প্রকাশৰ পৰা বিৰত আছে৷

উল্লেখ্য যে, যোৱা ২৬ জুলাইত সীমা বিবাদক কেন্দ্র কৰি উত্তপ্ত হৈ পৰিছিল লাইলাপুৰ৷ মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ আক্রমণত অসম আৰক্ষীৰ ৬জন জোৱান শ্বহীদ হোৱাৰ লগতে আন অর্ধশতাধিক আৰক্ষী জোৱান আঘাতপ্রাপ্ত হৈছিল৷ ইয়াক লৈ সমগ্র ৰাজ্যজুৰি চলি আছে তীব্র প্রতিক্রিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button