অসমবোলছবি

সমাজৰ এলাগী জ্যোতি ককাইদেউৰ ‘আইদেউ’ক সুঁৱৰি

প্ৰথম অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি জন্মদিন

আজি জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ জন্মদিন।  ১৯১৫ চনত গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল প্ৰথম অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈয়ে। অসমীয়া বোলছবি ‘জয়মতী’ত অভিনয়েৰে তেওঁ পাতনি মেলিছিল অভিনয় কেৰিয়াৰৰ।

মাত্ৰ ১৬ বছৰ বয়সতে অভিনয় জগতত খোজ পেলোৱা আইদেউ নীলাম্বৰ সন্দিকৈক জ্যোতিপ্ৰসাদ আগৰৱালাই শিকাইছিল অভিনয়ৰ আদিপাঠ। ‘জয়মতী’ত অভিনয় কৰিবলৈ গৈ আইদেউ সন্দিকৈ সন্মুখীন হৈছিল বহু প্ৰত্যাহ্বানৰ। তেতিয়াৰ অসমীয়া সমাজত ছোৱালীয়ে অভিনয় কৰাটো সমাজৰ বাবে আছিল লজ্জাজনক কথা। সমাজৰ এই সকলোবোৰ বাধা নেওচি আইদেউ সন্দিকৈয়ে দেখিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক লৈ দেখা সপোন। যাক বাস্তৱায়িত কৰিবলৈ সমাজকো আওকাণ কৰিছিল আইদেউ সন্দিকৈয়ে।

সমাজৰ এলাগী জ্যোতি ককাইদেউৰ 'আইদেউ'ক সুঁৱৰি

জয়মতীত কৰা অভিনয়ৰ পাছতে সমাজে তেওঁক একাষৰীয়া কৰিছিল। জয়মতীত অভিনয় কৰাৰ সময়ত কলা-কুশলী পুৰুষৰ সৈতে একেটা কেম্পতে থকাৰ বাবে তেওঁক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল। ‘জয়মতী’ বোলছবিখনত তেওঁ সহ অভিনেতা ফুনু বৰুৱাক ‘বঙহৰদেউ’ বুলি সম্বোধন কৰিছিল। আন পুৰুষক ‘বঙহৰদেউ’ বুলি সম্বোধন কৰাৰ বাবে সেই সময়ৰ সমাজে একাষৰীয়া কৰিছিল আইদেউক। সমাজত থকা নিষিদ্ধতাৰ বাবে চিৰ জীৱন অবিবাহিত হৈ ৰৈছিল আইদেউ সন্দিকৈ। উল্লেখযোগ্য যে, জয়মতীয়েই আছিল আইদেউৰ প্ৰথম আৰু অন্তিমখন বোলছবি।

ওৰে জীৱন দুখেৰে কটোৱা আইদেউয়ে ২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যুক সাৱটি লৈছিল। জ্যোতিপ্ৰসাদৰ জয়মতী আজি ইতিহাস হ’ল। জ্যোতি ককাইদেউৰ বাবে সমাজৰো এলাগী হোৱা আইদেউয়ে অসমীয়া সমাজক দি গ’ল সাহস আৰু ত্যাগৰ অন্য এক পৰিচয়। সমাজৰ ভয়ত অভিনয় কৰাৰ সপোন দেখিও পাছ হুহকি ৰোৱা বহু ছোৱালীৰ বাবে পথ প্ৰদৰ্শক হোৱা আইদেউ সন্দিকৈৰ জন্ম বাৰ্ষিকীৰ দিনটোত আমি তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 14 =

Back to top button