অসম

সাৱধান! আপুনিও গুৱাহাটীৰ বাসিন্দা নেকি?

আপুনিও হ'ব পাৰে প্ৰৱঞ্চনাৰ বলি। আপোনালৈও যাব পাৰে ভাবুকিৰ ফোন ক'ল।

আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেন্তে সাৱধান!কেমেৰাত কৌশলেৰে বন্দি হ’ব পাৰে আপুনাৰো অশ্লীল ফটো
আপুনিও হ’ব পাৰে প্ৰৱঞ্চনাৰ বলি। আপোনালৈও যাব পাৰে ভাবুকিৰ ফোন ক’ল। গুৱাহাটীত আকৌ হানি ট্ৰেপিং চক্ৰ। সুন্দৰীৰ প্ৰলোভনেৰে ধন দাবী কৰি আৰক্ষীৰ জালত এগৰাকী মহিলাৰ লগতে দুজন যুৱক। গীতানগৰ আৰক্ষীয়ে আটক কৰিছে ৪জনক। চক্ৰটোৱে চলাইছিল পুৰণি গাড়ীৰ ব্যৱসায় আৰু গাড়ী বিক্ৰী কৰাৰ চলেৰেই আৰম্ভ কৰে প্ৰৱঞ্চনা।

প্ৰথমে ফোন যোগে যোগাযোগ কৰে গ্ৰাহকৰ সৈতে আৰু যোগাযোগৰ পাছতে গ্ৰাহকক মাতি আনে গুৱাহাটীলৈ। তাৰ পাছত কৌশলেৰে গ্ৰাহকক সেৱন কৰায় নিচাযুক্ত দ্ৰব্য। ইয়াৰ পিছতে কৌশলেৰে তোলে গ্ৰাহকৰ অশ্লীল ফটো। তাৰ পিছতেই আৰম্ভ কৰে ভাবুকিৰে ধন দাবী। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গীতানগৰত। ভুক্তভোগী পৰিয়ালে গীতানগৰ থানাত উপস্থিত হৈ কাষচাপে আৰক্ষীৰ । ঘটনা সম্পৰ্কত সোধাপোছৰ বাবে ৪জনক আটক কৰে আৰক্ষীয়ে । ব্লেকমেইল কৰা যুৱতীগৰাকীৰ নাম মৌচুমী মিশ্ৰ বুলি জানিব পৰা গৈছে। পূৰ্বেও যুৱতী গৰাকীৰ বিভিন্ন অপৰাধৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। AS01 FB 9897 নম্বৰৰ গাড়ীখন জব্দ কৰে গীতানগৰ আৰক্ষীয়ে। গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ এটা দলে আজি দিনৰ ভাগত অভিযান চলায় মৌছুমী মিশ্ৰ আৰু উদ্দিত ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button