Covid-19

সকলো উৎকণ্ঠাৰ অৱসান ঘটাই CBSE পৰীক্ষা অনুষ্ঠিত কৰাৰ নিশ্চয়তা কেন্দ্ৰীয় চৰকাৰৰ

ক’ভিড সংহাৰৰ বাবে CBSE  ব’ৰ্ড পৰীক্ষালৈ অনিশ্চয়তা আহি পৰা বিষয়টোক লৈ শিক্ষার্থীসকলৰ অভিভাৱকসকলৰ মাজত দুশ্চিন্তাই দেখা দিছিল যদিও দেওবাৰে কেন্দ্র আৰু ৰাজ্যৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ এক বৈঠকত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই CBSE  ব’ৰ্ড পৰীক্ষা চলিত বর্ষত বাতিল নোহোৱাটো নিশ্চিত বুলি সদৰী কৰিছে৷ আগন্তুক জুলাই মাহত ক’ভিড প্রট’কলৰ মাজেৰে CBSE বোর্ড পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়ালে আগন্তুক ১ জুনত পৰীক্ষাৰ দিন নির্ধাৰণকে ধৰি সৱিশেষ তথ্য সদৰী কৰিব বুলিও দেওবাৰে কেন্দ্রীয় চৰকাৰৰ এক সূত্রই প্রকাশ কৰিছে৷

উল্লেখনীয় যে, ১৯টা গুৰুত্বপূর্ণ বিষয়ৰ ক্ষেত্রত  CBSE  ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ দেওবাৰে আলোচনা কৰা হয়৷ এইক্ষেত্রত বহু ৰাজ্যৰ সমর্থনো লাভ কৰে কেন্দ্রীয় চৰকাৰে৷

দেওবাৰৰ এই বৈঠকত অধ্যক্ষতা কৰিছিল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ ইয়াত উপস্থিত আছিল শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল, মহিলা আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰাণী তথা তথ্য অৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰ৷ সেইদৰে সকলো ৰাজ্যৰ শিক্ষামন্ত্রী তথা শিক্ষা সচিবসকলো উপস্থিত আছিল বৈঠকত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 9 =

Back to top button