অসমধৰ্মীয়ধাৰ্মিক

শ্ৰীমন্ত শংকৰদেৱৰ ৪৪৯ সংখ্যক তিৰোভাৱ তিথি

হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ -নামঘৰ

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ

যাকেৰি নাহিকে উপাম

তোহাৰি চৰণকু ৰেণু শতকোটি

বাৰেক কৰহোঁ প্ৰণাম

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি। হৰি নামৰ  ধ্বনিৰে মুখৰিত হৈছে ৰাজ্য নামঘৰ- সত্ৰ সমুহ। কংক্ৰিতৰ মহানগৰ নিজৰা পাৰস্থিত নামঘৰত কৰিছে নাম প্ৰশংগ। কভিড পৰিস্থিতি বাবে সীমিত সংখ্যক মানুহে কৰিছে  নাম প্ৰশংগ

অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৩ সংখ্যক তিৰোভাৱ তিথি।

অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ৰাজ্যজুৰি সোঁৱৰণ কৰিছে ভক্তপ্ৰাণ ৰাইজে।

পবিত্ৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘গুৰু কীৰ্তন’ কৰি পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰিছে ভক্তসবে।

আজি কাহিলি পুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে গুৰুজন্মস্থানৰ পবিত্ৰ ভূমিলৈ৷ বিভিন্ন সৰু-বৰ বাহনত গুৰু-আসন প্ৰতিষ্ঠা কৰি হৰি-নাম-কীৰ্তনেৰে যাত্ৰীসকলে পবিত্ৰ বটদ্ৰৱা ধামৰ চৌদিশ পদক্ষিণ কৰে৷ দুপৰীয়াভাগলৈ অগণন তীৰ্থযাত্ৰীৰ সমাবৱেশ ঘটিব গুৰুজনাৰ জন্মস্থান তথা আদি লীলাভূমি বৰদোৱা আলিপুখুৰীত৷

ভাদ মাহৰ পৰম্পৰাগত প্ৰসংগসমূহৰ উপৰিও আজি গুৰু কীৰ্তন উপলক্ষে গীত গোৱা, ঘোষা কীৰ্তন গোৱা আদি সকলো ধৰ্মীয় কাৰ্য সত্ৰীয়া ৰীতি নীতিৰে সম্পন্ন কৰা হয়৷ দুপৰীয়া কীৰ্তন ঘৰ আৰু দৌল মন্দিৰত বিশেষ নাম কীৰ্তনত ভিন্ন স্থানৰ পৰা আগমন হোৱা সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহন কৰে৷

আজিৰ পবিত্ৰ দিনটোত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ যাত্ৰীয়ে বন্তিচাকি,শৰাই, নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিব।

জগতগুৰুৰ আজি পৱিত্ৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত। গুৰুজনাৰ আধ্যাত্মিক দৰ্শন, ভাতৃত্ববোধ আৰু কৰ্মচেতনাই জীৱনৰ প্ৰতিটো খোজতে আমাক পথ প্ৰদৰ্শন কৰি যাব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button