অপৰাধআন্তঃৰাষ্ট্ৰীয়

স্বাধীনতা দিৱসৰ দিনটোতে ৰাঙলী আফগানিস্তান

'বিশ্বৰ অহংকাৰী শক্তি' আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতৰ পৰা মুক্তি লাভ কৰি তালিবানে উদযাপন কৰে আফগানিস্তানৰ স্বাধীনতা

উত্তপ্ত আফগানিস্থানত উৰিছে তালিবানৰ বিজয় ধ্বজা। বৃহস্পতিবাৰে তালিবানে উদযাপন কৰে আফগানিস্তানৰ স্বাধীনতা দিৱস। ‘বিশ্বৰ অহংকাৰী শক্তি’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতৰ পৰা মুক্তি লাভ কৰি তালিবানে উদযাপন কৰে আফগানিস্তানৰ স্বাধীনতা।

তালিবানে কয় যে, ‘সৌভাগ্যক্ৰমে, আজি আমি ব্ৰিটিছৰ কৱলৰ পৰা পোৱা স্বাধীনতা উদযাপন কৰিছো’।

১৯ আগষ্টত আফগান স্বাধীনতা দিৱসত ১৯১৯ চনৰ এংলো-আফগান চুক্তিক স্মৰণ কৰা হয়, যিয়ে মধ্য এছিয়াৰ ৰাষ্ট্ৰখনত ব্ৰিটিছ শাসনৰ সমাপ্তি ঘটাইছিল।

স্বাধীনতা দিৱসৰ দিনটোতে ৰাঙলী আফগানিস্তান

১৯ আগষ্টৰ দিনটোত আফগানিস্তানৰ ৰাজপথলৈ ওলাই অহা হাজাৰ-হাজাৰ আফগান প্ৰতিবদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে তালিবানে। গুলীচালনাত মৃত্যুক সাৱটি লয় বহুকেইজন আফগান নাগৰিকে।

স্বাধীনতা দিৱসৰ দিনটোত হাতে-হাতে ক’লা, ৰঙা আৰু সেউজীয়া ৰাষ্ট্ৰীয় পতাকা লৈ ৰাজধানী চহৰলৈ ওলাই আহিল পুৰুষ-মহিলাৰ এটা দল।

এগৰাকী মহিলাই নিজৰ বাহুত জাতীয় পতাকা মেৰিয়াই লৈ আগবাঢ়ি আহে আৰু তেওঁৰ পিছে-পিছে ‘ ভগৱান মহান’ বুলি উচ্চাৰণ কৰি ৰাজপথলৈ পদযাত্ৰা কৰি ওলাই আহে বহু নাগৰিক।

কিছুদিন পূৰ্বে শান্তিপূৰ্ণভাৱে শাসন চলোৱা আৰু মহিলাক সন্মান কৰাৰ কথা উল্লেখ কৰা স্বত্বেও তালিবানে আক্ৰমণ কৰে সাধাৰণ নাগৰিকক। তালিবানৰ গুলীত স্বাধীনতা দিৱসৰ দিনটোতে মৃত্যুক সাৱটি লয় আফগানিস্তানৰ সাধাৰণ নাগৰিকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + seven =

Back to top button