অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

IIT খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ৰহস্য, কবৰ খান্দি উলিওৱা হ’ল ফাইজানৰ মৃতদেহ

IIT খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ৰহস্য।

কবৰ খান্দি উলিওৱা হ’ল ফাইজানৰ মৃতদেহ।

আমোলাপট্টিৰ কৱৰস্থানত কলকাতাৰ CIDৰ দল।

উপস্থিত ফৰেনছিক বিশেষজ্ঞৰ দল, অসম আৰক্ষী।

কলকাতাৰ HCৰ নেতৃত্বত উলিওৱা হ’ল মৃতদেহ।

মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিছিল HCএ।

কবৰ খন্দাৰ সময়তে সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ।

IITৰ প্ৰতিনিধিৰ উপস্থিতিক লৈ অসন্তুষ্ট পৰিয়াল।

২০২২ চনৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ঘটনাটোক লৈ আৰম্ভ হৈছে তদন্ত।

ৰেগিঙৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ নৃশংসতাৰ বলি হোৱাৰ অভিযোগ ফাইজানৰ মাতৃৰ।

কবৰ খান্দি মৃতদেহ উলিওৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে কৰা হ’ব মৰণোত্তৰ পৰীক্ষা।

ইফালে, IIT খড়গপুৰৰ তিনি বিষয়াৰ অনাধিকাৰ প্ৰৱেশ ডিব্ৰুগড় দক্ষিণ আমোলাপট্টিৰ কৱৰস্থানত।

IIT খড়গপুৰৰ Officiating বিষয়া তমাল নাথৰ নেতৃত্বত কৱৰস্থানত অনাধিকাৰ প্ৰৱেশ।

আদালতৰ অনুমতি লৈ অহা বুলি দাবী কৰা আই আই টি তিনি বিষয়াই দেখোৱাব নোৱাৰিলে আদালতৰ অনুমতি।

ইফালে ফাইজান আহমেদৰ মাতৃৰ অভিযোগ এইসকল বিষয়াৰ গাফিলতিত হত্যা কৰা হৈছিল ফাইজানক।

তেওঁলোকৰ অনাধিকাৰ উপস্থিতিক লৈ ৰহস্যৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 5 =

Back to top button