Covid-19জীৱনশৈলীবিশ্বভাৰতস্বাস্থ্য

‘যোগ হৈছে নিজৰ গভীৰলৈ কৰা নিজৰ যাত্ৰা, নিজৰ মাজেৰে কৰা যাত্ৰা আৰু নিজৰ গভীৰলৈ কৰা যাত্ৰা’।–ভগৱৎ গীতা

যোগৰ সৈতে জীৱন যাত্ৰা...

‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ৰ আঁৰৰ কাহিনী…

‘যোগ হৈছে নিজৰ গভীৰলৈ কৰা নিজৰ যাত্ৰা, নিজৰ মাজেৰে কৰা যাত্ৰা আৰু নিজৰ গভীৰলৈ কৰা যাত্ৰা’।–ভগৱৎ গীতা

‘যোগ’শব্দটি মুলত: সংস্কৃত ভাষাৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ‘সংযোগ’ বা ‘যুক্ত হোৱা’। ইয়াৰ অৰ্থ হৈছে মানুহৰ মন আৰু দেহৰ ‘একত্ৰিকৰণ’। যোগ সাধনা একালৰ বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনা। এই সাধনা প্ৰাচীন ভাৰতীয় কলা। প্ৰাচীন কালৰে পৰা যোগ সাধনাৰ নিয়মীয়া অনুশীলন কৰি মানুহে জীৱনৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশক উন্নত কৰি অহিছে। ভাৰতত এই যোগ কলা প্ৰায় পাঁচ হেজাৰ বছৰৰ পুৰণি।

২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বজুৰি ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ পালন কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত এটি প্ৰস্তাৱ দাঙি ধৰিছিল আৰু এই যোগা দিৱস পালনৰ দ্বাৰা বিশ্বত যোগাভ্যাসৰ পৰম্পৰা বজাই ৰখাৰ লগতে শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছিল। ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰ্সংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱক অনুমোদন জনাই। জৰুৰীকালীন অৱস্থাত মানসিক চাপৰ পৰা মানুহক মুক্ত কৰাৰ ক্ষেত্ৰতো যোগে সহায় কৰিব পাৰে বুলি ৰাষ্ট্ৰ্সংঘৰ সচিব বেন কি মুনে মন্তব্য কৰিছিল।

২০১৫ চনৰ ২১ জুনৰ দিনা পোনপ্ৰথমবাৰৰ বাবে ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। এই দিৱস পালনৰ কাৰ্যসুচীত ভাৰতৰ সৰ্বাধিক সংখ্যক ৩৬ হেজাৰ লোকে অংশগ্ৰহণ কৰে।

 

‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ৰ উদ্দেশ্য…

   ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ পালনৰ মুল উদ্দেশ্যসমুহ হ’ল-

যোগৰ প্ৰাকৃতিক উপকাৰিতাসমুহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা।

যোগাভ্যাসৰ জড়িয়তে শাৰীৰিক ৰোগৰ হাৰ হ্ৰাস কৰা।

যোগ অনুশীলনৰ যোগেদি মানুহক প্ৰকৃতিৰ সৈতে সংযোগ কৰোৱা।

যোগৰ দাৰা মানুহক আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ধ্যানৰ লগত অভ্যস্ত কৰোৱা।

সমগ্ৰ বিশ্বতে প্ৰগতি আৰু শান্তি বিস্তাৰ কৰা।

যোগ সাধনাৰ যোগেদি মানসিক দুশ্চিন্তাৰ পৰা সকাহ দিয়া।

মানুহক শাৰীৰিক আৰু মানসিক ৰোগৰ বিষয়ে সজাগ কৰি তোলা।

অস্বাস্থ্যকৰ অভ্যাস আৰু ৰীতি-নীতি প্ৰত্যাহাৰ কৰি ভাল অভ্যাস আৰু পৰম্পৰা গড় দিয়া।

এক উচ্চ মানদণ্ডৰ জীৱনশৈলী উপভোগ কৰিবলৈ মানুহক শিকোৱা।

যোগৰ উপকাৰিতা…

জীৱনত সুখী আৰু চিন্তামুক্ত হৈ থাকিবলৈ যোগ হৈছে এক উত্তম মাধ্যম।  নিয়মিত যোগৰ অভ্যাসে নিশ্চিতভাৱে শাৰীৰিক আৰু মানসিকভাৱে মানুহক সুস্থ-সবল কৰি ৰাখে। মনৰ অনাৱশ্যকীয় চিন্তা তথা অৱসাদৰ পৰা মুক্ত কৰি ৰাখাতো সহায় কৰে।

ক’ভিড-১৯ৰ এই দুঃসময়ত যোগ বিশেষভাৱে সহায়ক। কাৰণ এই যোগাভ্যাসে আমাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যামুহ দূৰ কৰাত বিশেষভাৱে সহায় কৰে। শৰীৰত মস্তিষ্ক, হৃদয়, হাওঁফাওঁ আৰু বিভিন্ন পাচনাংগবোৰক অধিক অক্সিজেনযুক্ত ৰক্তইহে ইয়াৰ কাৰ্যক্ষমতা সক্ৰিয় তথা উন্নত কৰি ৰখাৰ উপৰিও স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে আৰু নিয়মিত প্ৰাণায়ামৰ অভ্যাসে অক্সিজেন সেৱন কৰাৰ ক্ষমতা বহুগুন বৃদ্ধি কৰিব পাৰে।

 

২০২১ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱসৰ থীম বা প্ৰতিপাদ্য বিষয় হৈছে- ‘Yoga for wellness’। অৰ্থাৎ সুস্থতাৰ বাবে যোগাভ্যাস।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + two =

Back to top button