দুৰ্ঘটনাদৈনিক বাতৰি

বন্ধুৰ সৈতে ট্ৰেকিং কৰিবলৈ যাওঁতেই অঘটন, সুউচ্চ পৰ্বতত দুদিন ধৰি আৱদ্ধ এজন যুৱক…

কেৰালাৰ মালামপুঝা পৰ্বতত শিলাখণ্ডৰ মাজত সোমবাৰে আৱদ্ধ হৈ পৰে বাবু নামৰ এজন যুৱক। বন্ধুৰ সৈতে মালামপুঝা পৰ্বতত ট্ৰেকিং কৰিবলৈ গৈছিল বাবু। কিন্তু দুৰ্ভাগ্যবশতঃ ভৰি পিছলি শিলাখণ্ডৰ মাজতে আৱদ্ধ হৈ পৰে যুৱকজন

দুঃসাহসিক কাম কৰাৰ চখ আমাৰ বহুতৰে আছে। জীৱনত এবাৰ হ’লেও আমি দুঃসাহসিক কাম কৰিছো। আৰু যেতিয়া দুঃসাহসিক কাম আমাৰ হবি হয় তেতিয়াটো আৰু কোনো কথাই নাই। কিন্তু ভাবকচোন, এনে কাম কৰিবলৈ যাওঁতে যদি আপুনি সুউচ্চ পাহাৰত হৈ পৰে আৱদ্ধ, তেতিয়া আপুনি কি কৰিব? নিশ্চয় সেয়া আমাৰ সপোনৰো অগোচৰ। কিন্তু শিলেৰে আবৃত ওখ পাহাৰত প্ৰচণ্ড শীতত দুদিনকৈ অনিদ্ৰা, অনাহাৰে আৱদ্ধ হৈ থাকি এতিয়া চৰ্চালৈ আহিছে এজন যুৱক।

এই ঘটনা সংঘটিত হৈছে কেৰালাত। কেৰালাৰ মালামপুঝা পৰ্বতত শিলাখণ্ডৰ মাজত সোমবাৰে আৱদ্ধ হৈ পৰে বাবু নামৰ এজন যুৱক। বন্ধুৰ সৈতে মালামপুঝা পৰ্বতত ট্ৰেকিং কৰিবলৈ গৈছিল বাবু। কিন্তু দুৰ্ভাগ্যবশতঃ ভৰি পিছলি শিলাখণ্ডৰ মাজতে আৱদ্ধ হৈ পৰে যুৱকজন।

কোনো উদ্ধাৰকাৰীয়ে উক্ত স্থানলৈ যাব নোৱাৰাৰ বাবে দুদিন ধৰি পানী, খাদ্য নোখোৱাকৈয়ে সময় অতিবাহিত কৰিবলগীয়া হয় যুৱকজনে। উপকূলৰক্ষী হেলিকপ্টাৰৰে যুৱকজনক উদ্ধাৰ কৰাৰ লগতে খাদ্য যোগান ধৰাৰ প্ৰচেষ্টা চলাইছিল যদিও ভূখণ্ডৰ ভৌগোলিক অৱস্থিতিৰ বাবে আধাতে সামৰিবলগীয়া হয় উদ্ধাৰ অভিযান। কিন্তু বুধবাৰে পুৱা ভাৰতীয় সেনাই পুনৰ আৰম্ভ কৰে উদ্ধাৰ অভিযান। দীৰ্ঘসময়ৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত পাহাৰৰ টিলাৰ পৰা বাবুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেনা জোৱান।

ৰাজ্য চৰকাৰৰ অনুৰোধত ভাৰতীয় সেনা উক্ত স্থানত উপস্থিত হৈ মঙলবাৰে নিশাই অভিযান আৰম্ভ কৰে। বাংগালুৰুৰ পৰা যোৱা সেনাৰ Mountaineering Expertsএ বাবু নামৰ যুৱকজনক প্ৰথমে পানী আৰু খাদ্য যোগান ধৰে। পৰৱৰ্তী সময়ত চেফটী বেল্ট আৰু ৰছীৰ সহায়ত উদ্ধাৰ অভিযান চলাই সেনাই পাহাৰৰ শিলাখণ্ডৰ মাজত আৱদ্ধ হৈ থকা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান সুস্থিৰ অৱস্থাত আছে যুৱকজন। উদ্ধাৰৰ পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয় বাবুক।

উল্লেখ্য যে, বুধবাৰে পুৱা ১০.০৮ মিনিটত আৰম্ভ হোৱা উদ্ধাৰ অভিযানত ভাৰতীয় সেনাৰ বাহিৰেও সহযোগ কৰিছিল NDRF, উপকূলৰক্ষী, Air Force, আৰক্ষী আৰু অন্যান্য এজেন্সীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button