চীনবতৰবিশ্ব

যুদ্ধবিৰতি ঘোষণা কৰিলে ইজৰাইল হামাছে

মধ্য প্ৰাচ্যত এঘাৰদিন ধৰি চলি থকা বিধ্বংসী ধংসলীলাৰ অন্তত যুদ্ধবিৰতি ঘোষণা ইজৰাইলৰ৷ একেদৰে সহাৰী জনালে হামাছেও৷

হামাছ আৰু ইজৰাইলৰ তয়াময়া সংঘৰ্ষক লৈ ৰাষ্ট্ৰসংঘ সহ আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায় যুদ্ধবিৰতিৰ আহ্বান জনাইছিল৷ এনে প্ৰেক্ষাপটত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামীন নেতানয়াহুৰ নিৰাপত্তা কেবিনেটে একপক্ষীয় যুদ্ধবিৰতিত অনুমোদন জনাই৷

উল্লেখ্য যে, গাজা ষ্ট্ৰীপত অধিকাংশ এলেকা দীৰ্ঘদিন ধৰি নিজৰ নিয়ন্ত্ৰণত ৰাখি এঘাৰ মে’ত হামাছে ইজৰাইল সীমান্তৰ কেইবাটাও এলেকালৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল ডেৰ সহস্ৰাধিক মিছাইল৷ তাৰ পিছতে বাৰ মে’ৰ পৰা ইজৰাইল এয়াৰফৰ্ছে এয়াৰ ষ্টাইক আৰম্ভ কৰি হামাছৰ ঘাটি গাজা ষ্ট্ৰীপত কেইবা সহস্ৰাধিক মিছাইল নিক্ষেপ কৰে৷ ফলত হামাছৰ দুজনকৈ কমান্দাৰ সহ দুই শতাধিকৰো অধিক পেলেষ্টাইনী নিহত হয়৷ একেদৰে আহত হয় ১,৭১০ জন লোক৷ বিধবস্ত হয় কেইবা শতাধিক বাসগৃহ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 8 =

Back to top button