ইজিপ্তবিশ্ব

মৰুভুমিৰ মাজত এখন অত্যাধুনিক ৰাজধানী

মৰুভুমিৰ মাজত অত্যাধুনিক সা-সুবিধাৰে সু-বিশাল চহৰ নিৰ্মাণত ব্যস্ত এখন দেশ৷

পিৰামিডৰ দেশ ইজিপ্তে ৰাজধানী কাইৰো থকাৰ পিছতো বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এখন বৃহত্তাকাৰ অত্যাধুনিক ৰাজধানী নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ ইতিমধ্যে ইজিপ্তত ৭০০ বৰ্গ কিলোমিটাৰ জোৰা ৰাজধানী নিৰ্মাণ মাৰাথন গতিত চলিছে৷

বিশ্বমানৰ নিৰ্মাণধীন ৰাজধানীখনত নিউৰ্য়ক, লণ্ডন দৰেই থাকিব সকলো অত্যাধুনিক সা-সুবিধা৷ ছবছৰ পূৰ্বে আৰম্ভ হোৱা নিৰ্মাণৰ কাম সম্পন্ন হ’ব ২০৩০চনত৷

তপত মৰুভূমি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণধীন মিছৰৰ নতুন ৰাজধানীত থাকিব ৪০০খন হাস্পতাল,  সমসংখ্যক বিদ্যালয়-মহাবিদ্যালয়। একেদৰে থাকিব ৬৫ লাখ লোক৷ ৯০ কি:মি:বৰ্গক্ষেত্ৰত থাকিব সৌৰশক্তিৰ ব্যৱস্থা৷ তদুপৰি৩০হাজাৰযুক্ত এখন বিশ্বমানৰ হাস্পতালৰ লগতে লণ্ডনৰ চেন্ট্ৰেল পাৰ্কতকৈ বিশাল পাৰ্ক আৰু বিশ্বৰ ভিতৰত ওখ টাৱাৰ থাকিব ইজিপ্তৰ নিৰ্মিয়মান ৰাজধানী খনত৷ একপ্ৰকাৰ চমক সৃষ্টিৰে মৰুৰ দেশখনে এইদৰে নিৰ্মাণ কৰিছে দেশখনৰ দ্বিতীয় ৰাজধানী৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 12 =

Back to top button