Socialজীৱনশৈলীস্বাস্থ্য

যৌন দুৰ্বলতা আছে নেকি? এনেদৰে সমাধান কৰিব পাৰিব আপোনাৰ যৌন সমস্যাসমুহ….

যৌন দুৰ্বলতা বিভিন্ন কাৰণত হ'ব পাৰে

জীৱকুলৰ বাবে প্ৰজনন এটা অপৰিহাৰ্য অংগ। এয়েই একমাত্ৰ জৈৱনিক প্ৰক্ৰিয়া যিটো মেৰুদণ্ডী প্ৰাণীসমূহে অকলে সম্পাদন কৰিব নোৱাৰে। তাৰ বাবেই প্ৰকৃতিৰ আন এক বিনন্দীয়া সৃষ্টিকৰ্ম হৈছে দৈহিক সংস্পৰ্শৰ জৰিয়তে যৌথভাৱে কৰা প্ৰজনন-ক্ৰিয়া, অথবা যৌন সম্পৰ্ক

মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন। যৌন অসন্তুষ্টিৰ ফলত মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা, সংশয়, সন্দেহ আৰু মানসিক ব্যাধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে

অতি দুখৰ বিষয় যে শতকৰা ১০০ জনৰ ভিতৰত ১২ৰ পৰা ১৫ জন লোকৰ মাজতেই তীব্ৰ যৌন দুৰ্বলতা দেখা যায়। বহুতে লাজত বা সামাজিক লঘু-লাঞ্চনৰ আশংকাত নিজৰ যৌন দুৰ্বলতা লুকুৱাই ৰাখি কাৰো লগতে সমস্যাবোৰ আলোচনা নকৰাকৈ থাকে। বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তদ্বৰ্ন্দ্বত ভূগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে।

আজিকালি পুৰুষ আৰু নাৰী উভয়ৰে যৌন দুৰ্বলতা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আৰু উৎকৃষ্ট ঔষধ আদি উদ্ভাৱন হৈছে যদিও লজ্জা পৰিহাৰ কৰি সমস্যাসমুহ মুকলিকৈ চিকিৎসকৰ লগত আলোচনা নকৰে।

যৌন দুৰ্বলতাৰ কাৰণঃ-যৌন দুৰ্বলতা বিভিন্ন কাৰণত হ’ব পাৰে। যেনে,

মানসিক কাৰণঃ-

বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, অধিকাংশ ক্ষেত্ৰতে যৌন দুৰ্বলতাৰ কাৰণ শাৰীৰিক নহয়। বৰং মানসিক চিন্তা, ভয়, শোক, শংকা, উদ্বেগ আদি বিভিন্ন কাৰকে শাৰীৰিকভাৱে সক্ষম লোক এজনকো যৌন অক্ষম কৰি তুলিব পাৰে।

কৰ্মব্যস্ততা আৰু হীনমন্যতাঃ-

কৰ্মব্যস্ততা আৰু হীনমন্যতাও যৌন দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। এনে ধৰণৰ কিবা কাৰণত এবাৰ যৌন-মিলনত বিফল হ’লে বহু পুৰুষ হতাশ হৈ পৰে আৰু পুনৰ বিফলতাৰ আশংকাই তেওঁক অধিক দুৰ্বল কৰি তোলে। তেনে ধৰণৰ পূৰ্ব ধাৰণা বা বিফলতাৰ আশংকাত ভুগি মানসিক কাৰণত হোৱা বিফলতা চিকিৎসকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ যোগেদি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। এনে আলোচন আৰু মানসিক চিকিৎসাৰ ফলত ৰোগীৰ মনলৈ আত্মবিশ্বাস ঘূৰি আহে আৰু পিছলৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শাৰীৰিক কাৰণঃ-

মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে।

হস্তমৈথুনঃ-

অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। অৱশ্যে এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস নকৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

শীঘ্ৰ পতনঃ-

বহুতো পুৰুষে যৌন উত্তেজনা আৰু যৌন ক্ষমতা স্বাভাৱিক যদিও উত্তেজনা অহাৰ লগে লগে বা শাৰীৰিক সংস্পৰ্শলৈ অহাৰ মুহূৰ্ততে বীৰ্য স্খলন হৈ যায়। তেনেধৰণৰ উপসৰ্গকে ‘শীঘ্ৰ পতন’ বোলা হয়। শীঘ্ৰ পতনৰো প্ৰধান কাৰণ মানসিক যদিও শাৰীৰিক দুৰ্বলতা আৰু কোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ বাবে যৌন দুৰ্বলতাৰ দৰে শীঘ্ৰ পতনৰ উপসৰ্গই দেখা দিব পাৰে।

যিকোনো ধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ চিকিৎসা কৰিব পৰা যায়। যাৰ ফলত সফল যৌন জীৱন সম্ভবপৰ হৈ উঠে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button