SocialSocial Networkঅপৰাধঅভিনয়জীৱনশৈলীভাৰত

আহিবলগীয়া ছবি হাংগামা ২ৰ প্ৰমোচন কৰিবলে গৈ ট্ৰ’লৰ সন্মুখীন শিল্পা চেট্টী

স্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাই প্ৰভাৱ পেলাইছে শিল্পা চেট্টীৰ জীৱনৰ লগতে কেৰিয়াৰত

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰিছে। স্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাই পোণপতীয়াকৈ প্ৰভাৱ পেলাইছে শিল্পা চেট্টীৰ জীৱনৰ লগতে কেৰিয়াৰৰ ওপৰতো। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমতো যথেষ্ট ট্ৰ’লৰ সন্মুখীন হৈছে।

স্বামীৰ গ্ৰেপ্তাৰৰ বাবে যাতে শিল্পা চেট্টীৰ আহিবলগীয়া ছবি হাংগামা ২ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবে টুইতত প্ৰমোচন চলাব গৈছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ পাছতে বিভিন্নজনে তেওঁৰ টুইটক সমালোচনা কৰিছে।

সমালোচনাৰবোৰৰ মাজত এজনে লিখিছে “স্বামী কাৰাগাৰত থাকিলেও টুইটাৰত চিনেমাখনৰ প্ৰচাৰ কৰিবলৈ তেওঁ কিমান নিৰ্ভীক হ’ব লাগিব।“ তাৰ উত্তৰত অইন এজনে লিখে, “এই সকলোবোৰ জ্ঞান আৰু শিক্ষা তেওঁ নিজৰ স্বামীক কিয় দিয়া নাছিল।“

প্ৰথমে ক্ৰিকেট বেটিং প্ৰৱঞ্চনা আৰু এইবাৰ এই ঘটনা। জুই অবিহনে কোনো ধোঁৱা থাকিব নোৱাৰে বুলিও লোকজনে টুইটত সমালোচনা কৰে অভিনেত্ৰীগৰাকীক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 7 =

Back to top button