অসমৰাজনৈতিক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি ক’লে অসমৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে?

অসম- মিজোৰ সীমা বিবাদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষা

সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু অসম আৰু মিজোৰামৰ মাজত চলি থকা সীমা বিবাদৰ ঘটনাৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে মোদীক অৱগত কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীক মিজোৰামৰ সৈতে বৰ্তমান কোনো বিবাদ চলি থকা নাই বুলিও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে ১৯৭২ চনৰ পৰাই বিবাদ চলি আহিছে আৰু চৰকাৰে এই বিষয়সমূহ সমাধানৰ উদ্দেশ্যে সকলোধৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

তাৰোপৰি, ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত বিগত দুমাহত অসমত হোৱা উন্নয়নমূলক কামৰ বিষয়েও অৱগত কৰে প্ৰধানমন্ত্ৰীক।

উল্লেখ্য যে, অসম আৰু মিজোৰামৰ মাজত সীমান্ত বিবাদক লৈ হোৱা হিংসাত্মক ঘটনাত অসম আৰক্ষীৰ ছজন জোৱান নিহত হৈছিল। এনে হিংসাত্মক পৰিস্থিতিৰ মাজতেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে এই ঘটনাৰ বাবে ইজনে সিজনক দোষাৰোপ কৰিছিল। পৰৱৰ্তী সময়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপত দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সৌহাৰ্য্যমূলক আলোচনা আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button