অসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সন্তান সম্ভৱা মাইকী গড়ৰ মৃত্যু

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত  দুটা গড়ৰ মাজত হোৱা যুঁজত এটি মাইকী গড় নিহত হৈ পৰে। আজি পুৱাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই নিহত গড়টোৰ মৃতদেহ প্ৰত্যক্ষ কৰাতহে  ঘটনাটো পোহৰলৈ আহে।

১৪ এপ্রিলত পবিতৰা অভয়াৰণ্যৰ পৰা এই মাইকী গড়জনীক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল শৰ্মা কয় যে,  বিগত সময়ছোৱাত দূৰ্ঘটনাত পতিত হৈ তিনিটা কৈ গড় নিধন হৈ পৰে।

নতুন গড়টোৰ মানাহত ঠাই সমুহৰ লগত জ্ঞান নথকাৰ পৰিপ্ৰেক্ষিততেই পূৰ্বৰ গড় থকা ঠাইত সোমাই আহিছিল। কিন্তু মতা গড় এটাই মাইকী গড়জনীৰ হত্যা কৰে।

ইতিমধ্যে বনবিভাগৰ এটা সজাতি দল ঘটনাস্থলিত  উপস্থিত হৈ মৃত গড়জনীক মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত গড়জনীৰ পেটত এটা সন্তান পাই। এই ক্ষেত্ৰত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্র সঞ্চালক অমল কুমাৰ শৰ্মাই দুখ প্ৰকাশ কৰি কয় যে, পিচলৈ যাতে এনেকুৱা দুখলগা ঘটনা ঘটিবলৈ নাপায় তাৰ ক্ষেত্রত বন বিভাগৰ ফালৰ পৰা প্ৰত্যক্ষ কৰি থকা হ’ব। আনহাতে মানাহত এতিয়া মুঠ ৪৭ টা গড় থকা বুলি তেওঁ সদৰি কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − four =

Back to top button