অসমঅসম আৰক্ষীগুৱাহাটীচাকৰি

মাত্ৰ এটা শব্দ ‘Thank You নগাওঁ’! বিদায় ল’লে আনন্দ মিশ্ৰই

অৱশেষত নগাওঁ এৰিলে বহুচৰ্চিত IPS বিষয়া তথা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

মাত্ৰ এটা শব্দ ‘Thank You নগাওঁ’। এইষাৰ কৈয়ে আৰু তেওঁ আৰু ৰৈ নাথাকিল।

হয়, অৱশেষত নগাওঁ এৰিলে বহুচৰ্চিত IPS বিষয়া তথা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

সদায় মুখত এটা মিঠা হাঁহি লৈ সম্ভাষণ জনোৱা আৰক্ষী অধীক্ষকগৰাকী বিগত সময়ছোৱাত নগাঁৱৰ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। ২২ জানুৱাৰীত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল যদিও আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছিল ৰাইজৰ মাজত।

কিন্তু তদন্ত কমিটীৰ প্ৰতিবেদনৰ পিছতো এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক নিৰ্দোষী বুলি মানি নলওঁ বুলি সংবাদ মাধ্যমত দিয়া বিবৃতিৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বদলি কৰা হয় আনন্দ মিশ্ৰক।

আজি পুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি শেষ বিদায় ল’লে জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − nine =

Back to top button