Covid-19Socialস্বাস্থ্য

ভেকচিন প্ৰদানৰ দাবীত পথ অবৰোধ একাংশৰ

আবদ্ধ হৈ পৰে বহু এম্বুলেন্স

ভেকচিন প্ৰদানৰ দাবীত পথ অবৰোধ একাংশৰ৷

শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত পথ অৱৰোধ কৰি শ শ ৰাইজৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ভেকচিন দিয়াৰ দাবীত ৰংপুৰ ৫নং ওয়াৰ্ডৰ ৰাইজে অৱৰোধ কৰে শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথ৷

অৱৰোধৰ ফলত শিলচৰ চহৰসহ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে শ শ যানবাহন আবদ্ধ হৈ পৰে৷ যাৰ ফলত ৰোগীসহ বিমান যাত্ৰীসকল অসুবিধাৰ সম্মুখীন হবলগীয়া হয়৷ আবদ্ধ হৈ পৰে বহু এম্বুলেন্স আৰু এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছে আৰক্ষীসহ ম্যাজিস্ট্রেট উপস্থিত হৈ অৱৰোধ মুক্ত কৰে৷

উল্লেখ যে, ৰংপুৰ ৫নং ওয়াৰ্ডত ভেকচিন কেন্দ্ৰ আছে এটা৷ যাৰবাবে ভেকচিন গ্ৰহণত বহু অসুবিধাৰ সম্মুখীন হবলগীয়া হৈছে এলেকাটোৰ লোকসকলক৷ প্ৰতিদিনেই ঘণ্টাৰ পাছত ঘণ্টা লাইনত সাৰি পাতিও ভেকচিন ল’ব পৰা নাই বহু লোকে৷ ফলত ক্ষুদ্ধ হৈ পৰে এলেকাৰ লোক সকল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button