Assamঅসমআঞ্চলিকদৈনিক বাতৰি

দৰঙত বগা চাউলৰ ক’লা বেহা, পোহৰলৈ বোনমাঝা সমবায় সমিতিৰ বিয়াগোম কেলেংকাৰি

দৰঙত বগা চাউলৰ ক’লা বেহা

দৰঙত বগা চাউলৰ ক’লা বেহা

পোহৰলৈ বোনমোঝা সমবায় সমিতিৰ বিয়াগোম কেলেংকাৰি

খাদ্য সুৰক্ষা যোজনাৰ ১২০০ কুইণ্টল চাউল হৰলুকী

হিতাধিকাৰীৰ চাউল চান কাঢ়ি বজাৰত বিক্ৰীৰ অভিযোগ

সুলভ মূল্যৰ দোকানীয়ে বিচাৰিছে উচ্চ পৰ্যায়ৰ তদন্ত

যোগান বিভাগৰ লগতে একাংশ সমবায় সমিতি, সুলভ মূল্যৰ ব্যৱসায়ী, চাউল যোগানৰ সৈতে জড়িত ঠিকাদাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে আৱন্টিত চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উখাপিত হৈছে ৷ কেৱল দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীৰ বাবে আৱন্টিত চাউলে নহয়, বিদ্যালয় মধ্যাহ্ন ভোজনৰ চাউল নাই গুডামত। ইফালে চাৰি বছৰ পূৰ্বে একে দুৰ্নীতিৰ বাবে নিলম্বিত হৈ থকা পাথৰিঘাট সমবায় সমিতিখনকো ‍বোনমাঝা সমবায় সমিতিৰ সৈতে সংলগ্ন কৰিছিল । কিন্তু মাহৰ ১৫ তাৰিখৰ ভিতৰত সুলভ মূল্যৰ চাউল হিতাধিকাৰীয়ে পোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো মাহৰ শেষলৈকে একাংশ সুলভ মুল্যৰ দোকানীয়ে নাপায় চাউল। বোনমাঝা সমবায়ত সংঘটিত দুৰ্নীতি সন্দৰ্ভত দৰঙৰ যোগান বিভাগে গা-এৰা মনোভাৱ ‍পোষণ কৰাৰ অভিযোগ ৰাইজ আৰু একাংশ সুলভ মূল্যৰ ব্যৱসায়ীৰ। ইতিমধ্যে  চাউল বঞ্চিত সুলভ মুল্যৰ দোকানী সকলে এক সভা অনুষ্ঠিত কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰিছে সমবায় সমিতিখনৰ বিৰুদ্ধে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − two =

Back to top button