আন্তঃৰাষ্ট্ৰীয়

নিজৰ পোহনীয়া জন্তু এৰি ইউক্ৰেইনৰ পৰা দেশলৈ উভতি নাহে ভাৰতীয় চিকিৎসক…

"মই মোৰ জীৱন ৰক্ষা কৰিবৰ বাবে মোৰ পোহনীয়া জন্তুকেইটাক অকলশৰীয়া কৰিব নিবিচাৰো। মোৰ পৰিয়ালৰ লোকে মোক ঘৰলৈ উভতি যাবলৈ কৈছে। কিন্তু এই জন্তুকেইটা মোৰ নিজৰ ল'ৰা-ছোৱালীৰ নিচিনা। মোৰ শেষ উশাহলৈকে মই ইহঁতৰ লগতে থাকিম আৰু ইহঁতক বচাই ৰাখিম"

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতলৈ আহিবলৈ অমান্তি হ’ল এজন ভাৰতীয় চিকিৎসক। নিজৰ পোহনীয়া জন্তুক এৰি ভাৰতলৈ নাহে চিকিৎসকজন। এটা ঘোং আৰু নাহৰফুটুকীক ইউক্ৰেইনত এৰি ভাৰতলৈ আহিব নিবিচৰা চিকিৎসকজন হৈছে ডা০ গিৰিকুমাৰ পাটিল। ইউক্ৰেইনৰ চেভেৰ’দনেটস্কত থকা বাসগৃহৰ তলত থকা বাংকাৰত দুই পোহনীয়া জন্তুৰ সৈতে যুদ্ধৰ মাজতে দিন কটাইছে পাটিলে।

নিজৰ পোহনীয়া জন্তু এৰি ইউক্ৰেইনৰ পৰা দেশলৈ উভতি নাহে ভাৰতীয় চিকিৎসক...

ব্যক্তিজনৰ বাসগৃহ ৰুছ সৈন্যই চৌদিশ ঘেৰাও কৰিছে যদিও জন্তুকেইটা এৰি থৈ ভাৰতলৈ আহিব বিচৰা নাই তেওঁ। তেওঁ কয় যে, “মই মোৰ জীৱন ৰক্ষা কৰিবৰ বাবে মোৰ পোহনীয়া জন্তুকেইটাক অকলশৰীয়া কৰিব নিবিচাৰো। মোৰ পৰিয়ালৰ লোকে মোক ঘৰলৈ উভতি যাবলৈ কৈছে। কিন্তু এই জন্তুকেইটা মোৰ নিজৰ ল’ৰা-ছোৱালীৰ নিচিনা। মোৰ শেষ উশাহলৈকে মই ইহঁতৰ লগতে থাকিম আৰু ইহঁতক বচাই ৰাখিম”।

নিজৰ পোহনীয়া জন্তু এৰি ইউক্ৰেইনৰ পৰা দেশলৈ উভতি নাহে ভাৰতীয় চিকিৎসক...

 

উল্লেখ্য যে, ২০০৭ চনতে ইউক্ৰেইনলৈ মেডিচিন পঢ়িবলৈ গৈছিল ডা০ পাটিল। পৰৱৰ্তী সময়ত এখন চৰকাৰী চিকিৎসালয়ত চাকৰি পোৱাৰ পাছত ড’নবাছত থিতাপি লয় পাটিলে। এখন স্থানীয় চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ অনুমতি লৈ ঘৰলৈ ঘোংটো লৈ আহিছিল ব্যক্তিজনে। য়াশা নামৰ ঘোংটোৰ লগৰী হিচাপে দুমাহ আগেয়ে চাব্ৰিনা নামৰ নাহৰফুটুকীটো লৈ আহিছিল ডা০ পাটিলে। বৰ্তমান ঘোংটোৰ বয়স ২০ মাহ হোৱাৰ পৰিৱৰ্তে মাইকী নাহৰফুটুকীটোৰ বয়স হৈছে ৬ মাহ। যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৪০ বছৰীয়া গিৰিকুমাৰ পাটিলে কেৱল পোহনীয়া জন্তুকেইটাৰ খাদ্য ক্ৰয়ৰ বাবেহে ঘৰৰ পৰা বাহিৰ হৈছিল বুলি মন্তব্য কৰে ব্যক্তিজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − thirteen =

Back to top button