অসমভ্ৰমণ

দুঃসাহসিক : প্লাষ্টিক নাৱেৰে যাত্ৰা! ‘প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ’ গঢ়াৰ লক্ষ্য

প্লাষ্টিকেৰে নিৰ্মিত নাৱেৰে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ আহিছে এজন যুৱক

ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত কৰিবলৈ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা । প্লাষ্টিকেৰে নিৰ্মিত নাৱেৰে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ আহিছে এজন যুৱক । লক্ষ্য-ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত কৰিবৰ বাবে সকলোকে সজাগ কৰা ।

ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ নামৰ এজন যুৱকে পুৰণা প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰিছে এখন বিশেষ নাও । এই প্লাষ্টিকৰ বটলেৰে  নিৰ্মিত নাওখনেৰে  বগীবিলৰ পৰা মাজুলীলৈ ধীৰাজে কৰিছে দুঃসাহসিক সজাগতামূলক নৌকা যাত্ৰা । ‘প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ’ (Plastic Free Brahmaputra) আৰু ‘নদী পৰ্যটন’ (River Tourism)ৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা ধীৰাজে ১৬০০ টা ১ লিটাৰৰ পানী বটল আৰু ৪০০ টা আধা লিটাৰৰ পানী বটলেৰে নিৰ্মাণ কৰিছে এই বিশেষ নাওখন । এই নাওখন নিৰ্মাণ কৰোতে ধীৰাজক সময় লাগিছিল প্ৰায় ৩ মাহ ।

উল্লেখযোগ্য যে ,  প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ পাৰত থকা বনভোজ থলীত পৰ্যটকসকল আহি প্লাষ্টিকৰ বটল , পেকেট দলিয়াই লেতেৰা কৰি থৈ যায় । যাৰ বাবে ব্ৰহ্মপুত্ৰই কঢ়িয়াব লগীয়া হয় বহু পৰিমাণে প্লাষ্টিকৰ বোজা ।

ইয়াৰ বিপৰীতে সকলোকে সজাগ কৰাৰ উদ্দেশ্যে ধীৰাজে ৩ মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়ায় ৪৫ কে. জি. ওজনৰ এই পেলনীয়া প্লাষ্টিকৰ এই নাওখন । ১১ ফুট দীঘল আৰু ৪ ফুট বহল এই নাওখনে একে সময়তে কঢ়িয়াব পাৰে ৬ জন লোক । কিন্তু ধীৰাজে আৰম্ভ কৰা সজাগতামূলক নৌকা যাত্ৰাত সহযোগ কৰিছে আন দুজন লোকে ।

ডিব্ৰুগড়ৰ পৰা নাৱেৰে দুঃসাহসিক যাত্ৰা কৰি আজি অৱশেষত মাজুলীত  উপস্থিত হয়হি যুৱকজন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + eighteen =

Back to top button